NORTHEAST NOW (Assamese)

ছত্তিশগড়ত তৃতীয়টো বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ : বন বিভাগৰ মতে এয়া অস্বাভাৱিক মৃত্যু

June 11, 2020 12:57 pm · এন ই নাও নিউজ
Updated: June 11, 2020 2:36 pm

ছত্তিশগড়ত তৃতীয়টো বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যখনৰ বলৰমাপুৰ জিলাৰ ৰাজপুৰৰ বনাঞ্চলত বন বিভাগৰ লোকে উদ্ধাৰ কৰে বনৰীয়া হাতীটোৰ মৃতদেহ।

‘বৃহস্পতিবাৰে বলৰামপুৰ জিলাৰ ৰাজপুৰ ফৰেষ্ট ৰেঞ্জত বনৰীয়া হাতীটোৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে।’ ছত্তিশগড়ৰ মুখ্য অতিৰিক্ত বন সংৰক্ষক(বন্যপ্ৰাণী) অৰুণ কুমাৰ পাণ্ডেই কয়।

ৰাজ্যখনত যোৱা তিনিদিনত তিনিটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ জনায়।

তেওঁ লগেত কয় যে আটাইকেইটাৰ হাতীৰে মৃত্যু অস্বাভাৱিক।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে বনৰীয়া হাতী তিনিটাৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰে মুখ্য অতিৰিক্ত বন সংৰক্ষক(বন্যপ্ৰাণী) গৰাকীয়ে।

যোৱা মঙল আৰু বুধবাৰেও দুজনী গৰ্ভৱতী বনৰীয়া হাতীৰ মৃতদেহ ৰাজ্যখনৰ সুৰজপুৰ জিলাৰ প্ৰতাপপুৰ ফৰেষ্ট ৰেঞ্জৰ দুই পৃথক ঠাইত উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, উত্তৰ ছত্তিশগড়ৰ কয়লাৰে ভৰপুৰ সুৰগুজা অৰণ্যাঞ্চল হৈছে ২৪০ টা হাতীৰ আৱাসভূমি।

বহু বছৰ ধৰি উক্ত অঞ্চলটোত হস্তী-মানুহ সংঘাত  চলি আহিছে।

Related News