NORTHEAST NOW (Assamese)

বিখ্যাত বডি বিল্ডাৰ ৱৰিন্দৰ ঘুমনৰ মাত্ৰ ৫৩ বছৰ বয়সতে হাৰ্ট এটেকত মৃত্যু

October 9, 2025 9:13 pm · এন ই নাও নিউজ, গুৱাহাটী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বডি বিল্ডাৰ বৰিন্দৰ সিং ঘুমনৰ মৃত্যু ঘটিছএ। তেওঁ ভাৰতৰ হি মেন হিচাপে পৰিচিত আছিল। তেওঁ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰত কাম কৰিছিল। অভিনেতা হিচাপেও তেওঁৰ জনপ্ৰিয়তা আছিল। হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ। চিকিৎসাৰ বাবে অমৃতসৰলৈ নিয়াহৈছিল। তাতেই তেওঁ শেষ শেষ নিশ্বাস ত্যাগ কৰে।

পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা বৰিন্দৰ ঘুমনে সৰুৰে পৰাই বডি বিল্ডিং আৰম্ভ কৰিছিল। অভিনয় আৰু শৰীৰ চৰ্চাৰ লগতে তেওঁ গো পালনো কৰিছিল। তেওঁক বিশ্বৰ প্ৰথমজন নিৰামিষ পেছাদাৰী বডি বিল্ডাৰ হিচাপে গণ্য কৰা হয়। ভাৰতৰ বডি বিল্ডিঙৰ ক্ষেত্ৰখনত তেওঁ অনুপ্ৰেৰণা যোগাইছিল।

দেশৰ বাহিৰতো বডি বিল্ডাৰ হিচাপে ঘুমনে নাম আৰু খ্যাতি অৰ্জন কৰিছিল। বহু পঞ্জাবী আৰু হিন্দী ছবিত অভিনয়ো কৰিছে। ছলমান খানকে ধৰি ডাঙৰ ডাঙৰ অভিনেতাৰ সৈতেও ঘুমনে অভিনয় কৰিছে।

২০২৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল ঘুমনে। তেওঁ নিজেই সেই কথা স্বীকাৰ কৰিছিল। কিন্তু তাৰ আগতে তেওঁৰ মৃত্যু হ’ল। এই খবৰ পোহৰলৈ অহাৰ পিছত বডি বিল্ডাৰৰ জগতখনত শোকৰ ছাঁ পৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমজন ব্যক্তি আছিল।

২০০৯ চনত মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত ঘুমানে জয়লাভ কৰে। মিষ্টাৰ এছিয়া প্ৰতিযোগিতাতো তেওঁ দ্বিতীয় স্থান লাভ কৰে। তেওঁ কেইবাটাও বিজ্ঞাপন সংস্থাতো কাম কৰিছিল। তেওঁ আই এফ বি বি প্ৰো কাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয় বডি বিল্ডাৰ আছিল।

Related News