NORTHEAST NOW (Assamese)
অসম

বগীবিল দলঙৰ ইতিবাচক প্ৰভাৱ : মসৃণ হ’ল মালবাহী ৰে’লগাড়ীৰ যাতায়াত

Posted by: এন ই নাও নিউজ January 28, 2019 3:53 pm
nf-railway-750x375

বগীবিল দলংখন কাৰ্যক্ষম হোৱাৰ পাছত দলংখন উত্তৰ পূব ৰে’লৱেৰ অধীনস্থ মালবাহী ৰে’লগাড়ীৰ যাতায়াত দক্ষতাৰে চলাচল কৰোৱাত এটা বিৰাট ভূমিকা গ্ৰহণ কৰিছে। এই দলংখনে বিকল্প যাত্ৰাপথ মুকলি কৰাৰ ফলত উজনি অসমৰ পৰা আৰু উজনি অসম অভিমুখে অহা মালবাহী ৰে’লগাড়ীসমূহে এটা বিকল্প পথ লাভ কৰিলে। ইয়াৰ ফলত উঃ পূঃ ৰে’লৱে বহুকেইটা দিশত লাভান্বিত হ’ব।

‘দ্য আছাম ট্ৰিবিউন’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি,  এই লাভ সমূহৰ ভিতৰত কেইটামান হৈছে মালবাহী ৰে’লগাডী চলাচল কৰোৱাৰ বাবে প্ৰয়োজন হোৱা বাবে মানৱ-শক্তি (manpower) আৰু দূৰত্ব হ্ৰাস পাইছে।

উত্তৰ পাৰৰ এই বিকল্প পথটো মুকলি হোৱাৰ ফলত লক্ষস্থান সামগ্ৰী বিতৰণ কৰি ৰে’লৰ দবাসমূহ ইয়াৰ যাত্ৰাস্থানলৈ অহি পোৱাটো অধিক সোনকালে হোৱাটো সম্ভৱপৰ হৈ পৰিছে।

উত্তৰ পাৰেৰে মালবাহী ৰে’লগাড়ীসমূহ অহা-যোৱা কৰোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ৰে’ল নেটৱৰ্ক চাপমুক্ত হৈ পৰাৰ ফলত এই পথচোৱা পৰিচালনাগত চাপৰ পৰা যথেষ্ট মুক্ত হৈ পৰিছে।

মালবাহী গাড়ীৰ বাবে উত্তৰ আৰু দক্ষিণ—দুয়োটা পাৰৰ যাত্ৰাপথ উপলব্ধ হৈ পৰাৰ ফলত মালবাহী ৰে’লগাড়ীৰ পৰিচালনাগত দক্ষতা উন্নত হোৱাৰ উপৰিও ৰে’লপথ আৰু ৰে’লৱেৰ সৈতে জড়িত আন আন সম্পদ সমূহৰ মেৰামতি কৰাটো উজু হৈ পৰিব।

উল্লেখ্য যে বগীবিল দলংখন কাৰ্যক্ষম কৰাৰ পাছত বহুকেইটা ৰেক তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ ফালে উজনিলৈ আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰা নামনিলৈ লৈ অনা হৈছে। উজনিমুৱা ৰেকসমূহে ঘাইকৈ বঙাইগাঁৱৰ বিচিপিএলৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰী, খাদ্য শস্য আৰু চিমেণ্ট কঢ়িয়াব আৰু নামনিমুৱা ৰেকসমূহে নামৰূপৰ পৰা সাৰ, ডিগবৈ শোধনাগাৰৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰী আৰু লিডুৰ পৰা কয়লা কঢ়িয়াব।