NORTHEAST NOW (Assamese)
অসম

দুমাহৰ পিছতে বগীবিল দলং ৰাইজৰ বাবে মুকলি কৰিব পৰা হ’ব : উঃ পূঃ ৰেইলৱে’

Posted by: এন ই নাও নিউজ August 29, 2018 9:21 am
Bogibeel-Bridge

বৰ লুইতৰ দুয়োপাৰৰ ৰাইজৰ বহু প্ৰত্যাশিত তথা প্ৰায় ৫ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মীয়মাণ বগীবিল দলংখন অহা ৩১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি উত্তৰ-পূব ৰেইলৱে’ৰ এটা সূত্ৰই জানিবলৈ দিছে।

২৮ আগষ্টত মালিগাঁৱত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু উত্তৰ-পূব সীমান্ত ৰেইলৱে’ৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকৰ লগতে বিভাগটোৰ উচ্চপদস্থ বিষয়াবৰ্গৰ মাজত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এই কথা স্পষ্ট কৰে উত্তৰ-পূব সীমান্ত ৰেইলৱে’ৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকে।

নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধকজনে দলংখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান দিয়াৰ লগতে ৩১ অক্টোবৰৰ ভিতৰত দলংখনৰ সকলো দিশতে সম্পূৰ্ণ হৈ উঠিব বুলি জনায়।

উল্লেখযোগ্য যে ১৯৯৭ চনৰ জানুৱাৰি মাহতে তেতিয়াৰ প্ৰধান মন্ত্ৰী এইচ্ছ ডি দেৱেগৌড়াৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা আৰু  ২০০২ চনৰ পৰা নিৰ্মাণ প্ৰক্ৰিয়া চলি থকা দলংখনক লৈ অনেক প্ৰত্যাশা আছে অসমৰ ৰাইজৰ। প্ৰায় ৫ কিলোমিটাৰ দীঘল এই দলংখন দেশৰ ভিতৰতে ৰেইল আৰু পথপৰিবহণ, দুয়োটা ব্যৱস্থা থকা দীৰ্ঘতম দলং হ’ব।

আনহাতে দলংখনৰ নামকৰণক লৈ ইতিমধ্যে বিভিন্ন দাবী-দাবা, ৰাজনীতি আৰম্ভ হৈ গৈছে। ৰাজনৈতিক মহলৰ পৰা স্থানীয় জনগোষ্ঠীয় সংগঠনলৈকে বিভিন্ন পক্ষই ইয়াত নামি পৰা দেখা গৈছে। সম্পূৰ্ণ হোৱাৰ লগে লগে দলংখন নিৰ্মাণৰ কৃতিত্বক লৈও ৰাজনৈতিক দলবোৰৰ মাজত বিতৰ্কৰ এযুঁজ দেখিবলৈ পোৱা যাব পাৰে।