NORTHEAST NOW (Assamese)

ক’ভিডৰ নীতি-নিৰ্দেশনা ভংগ কৰি চাহ বাগিছাৰ দুৰ্গা মন্দিৰত যজ্ঞ; জনসমাগমৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

July 12, 2021 5:47 pm · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰি প্ৰশাসনৰ ৰোষত পৰিছে যোৰহাট চাহ কোম্পানীৰ অধীনৰ নুমলীগড় চাহ বাগিছাৰ কৰ্তৃপক্ষ।

নুমলীগড় চাহ বাগিছাত নতুনকৈ নিৰ্মাণ কৰা দুৰ্গা ন্দিৰত দেওবাৰৰ দিনা যজ্ঞৰ আয়োজন কৰিছিল বাগিছা কৰ্তৃপক্ষই ৷

এই যজ্ঞত ক’ভিডৰ প্ৰট’কল ভংগ কৰি বহু লোকৰ সমাগম হৈছিল ৷ যাৰ বাবে যজ্ঞ থলীত বোকাখাত মহকুমা প্ৰশাসনে অভিযান চলাই সমবেত লোকক খেদি পঠাই যজ্ঞও বন্ধ কৰি দিয়ে ৷

ৰাজ্যৰ ভিতৰত বোকাখাত মহকুমাত ক’ভিডৰ সংক্ৰমণৰ অভাৱনীয় বৃদ্ধিত ৰাজ্য চৰকাৰো উদ্বিগ্ন হোৱাৰ সময়ত চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি নুমলীগড় চাহ বাগিছাত এনেদৰে যজ্ঞ পতা কাৰ্যক লৈ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে।

চাহ বাগিছা খনৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে বোকাখাত মহকুমা প্ৰশাসন। মহকুমাটোত এনে কাৰ্যৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে মহকুমাধিপতিয়ে।

উল্লেখযোগ্য যে নুমলীগড় চাহ বাগিছাৰ কেইবাটাও অঞ্চল ইতিপূৰ্বে ৰেড জ’নৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মহকুমাটোত থকা চাহ বাগিছা সমুহৰ কৰ্তৃপক্ষৰ এনেবোৰ কাণ্ডজ্ঞানহীন কাৰ্যও ক’ভিড সংক্ৰমণৰ এটা অন্যতম কাৰণ হৈ পৰিছে ৷

Related News