NORTHEAST NOW (Assamese)

বোকাখাতত সৰ্প দংশনত মহিলাৰ মৃত্যু

May 28, 2020 8:51 pm · উত্তম শইকীয়া
Updated: May 29, 2020 8:25 am
প্ৰতিনিধিত্বমূলক ফটো

বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া নেপালী খুঁটি গাঁৱৰ বুলি শইকীয়া নামৰ এগৰাকী মহিলা আজি পুৱা বিষাক্ত সাপৰ দৰ্শনত মৃত্যু হয়।

পাৰ চৰাইৰ গঁড়ালত হাত সুমুৱাওঁতেই বুলি শইকীয়াক গঁড়ালৰ ভিতৰত থকা বিষাক্ত সাপে দংশন কৰে৷

জানিব পৰা মতে পোহনীয়া পাৰ চৰায়ে গঁড়ালত চটফটোৱাৰ বাবে পাৰ চৰাই চাবৰ বাবে বুলি শইকীয়াই গঁড়ালৰ ভিতৰলৈ হাত ভৰাইছিল৷

গঁড়ালৰ ভিতৰত ইতিমধ্যেই সোমাই থকা সাপডালে তেওঁৰ সোঁহাতত দংশন কৰে।

মহিলাগৰাকীৰ আৰ্তনাদ শুনি পৰিয়ালৰ লোক আহি তেওঁক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ নিয়ে৷

কিন্তু চিকিৎসালয়ত চিকিৎসকে বুলি শইকীয়াক মৃত বুলি ঘোষণা কৰে।

সৰ্প দংশনত মৃত্যু হোৱা বুলি শইকীয়াই স্বামী ধৰ্মেশ্বৰ শইকীয়াৰ লগতে দুই পুত্ৰ, কন্যাক এৰি থৈ গৈছে৷

Related News