NORTHEAST NOW (Assamese)
Popular Stories

বিপ্লৱৰ মহানায়ক চে’ গুৱেভাৰাক হত্যা কৰা বলিভিয়ান সেনাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2022 11:13 am
Bolivian Soldier Who Killed Che Guevara Dies

বিশ্ববিশ্ৰুত বিপ্লৱী নেতা, কিউবান বিপ্লৱৰ মহানায়ক আৰ্নেষ্ট’ চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰা বলিভিয়াৰ প্ৰাক্তন সৈনিক জনৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে ৮০ বছৰ বয়সত গুৱেভাৰাক হত্যা কৰা মাৰিঅ টেৰান ছালাজাৰ নামৰ বলিভিয়ান সেনাজনৰ মৃত্যু হয় বুলি তেওঁৰ পৰিয়ালৰ লোক সকলে জানিবলৈ দিছে।

এইজন মাৰিঅ টেৰান ছালাজাৰেই ১৯৬৭ চনৰ ৯ অক্টোবৰত বলিভিয়াৰ পূব ছাণ্টা ক্ৰুজত বৈপ্লৱিক নৱজাগৰণৰ সৃষ্টি কৰা চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল।

“ ছাণ্টা ক্ৰুজৰ এখন সামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত টেৰানৰ মৃত্যু হৈছে।”— ৫৪ বছৰ পূৰ্বে জংঘলত গুৱেভাৰাক বন্দী কৰা বলিভিয়াৰ এজন প্ৰাক্তন সৈনিক গেৰী প্ৰাডোৱে সংবাদ মাধ্যমৰ আগত কয়।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা টেৰান তিনি সপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। অৱশ্যে চিকিৎসাৰ গোপনীয়তাৰ বাবে চিকিৎসালয়খনে টেৰানৰ মৃত্যু সম্পৰ্কে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।

১৯৬৭ চনৰ ৮ অক্টোবৰত বলিভিয়াৰ সেনাই কিউবান-আমেৰিকান চিআইএৰ দুজন চোৰাংচোৱাৰ সহায়ত বলিভিয়াৰ জংঘলত গুৱেভাৰাক বন্দী কৰে। ৰোগাক্ৰান্ত শৰীৰেৰেই গুৱেভাৰাই সেই সময়ত গেৰিলা যোদ্ধাৰ এটা সৰু দলৰ নেতৃত্ব দি আছিল।

আঘাতপ্ৰাপ্ত গুৱেভাৰাক লা হিগুয়েৰা অঞ্চলৰ এখন পৰিত্যক্ত বিদ্যালয়লৈ অনা হৈছিল। এই বিদ্যালয়তে তেওঁক ৰাতিটো ৰখোৱা হৈছিল।

পিছদিনাই সেইসময়ৰ কমিউনিষ্ট বিৰোধী বলিভিয়ান ৰাষ্ট্ৰপতি ৰেনে বেৰিণ্টোছৰ নিৰ্দেশত টেৰানে গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল।

“সেইয়া মোৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল। সেই মুহূৰ্তত চে’ক বিশাল আকাৰত দেখা পাইছিলো। তেওঁৰ চকুদুটা তীব্ৰভাৱে জিলিকি আছিল।” টেৰানে পিছত কৈছিল।

টেৰাণে লগতে কয়, “যেতিয়া তেওঁ মোৰ ফালে দৃষ্টি স্থিৰ কৰিছিল তেতিয়া মোৰ মূৰ ঘূৰোৱা যেন অনুভৱ হৈছিল। মই ভাবিছিলো যে সাধাৰণ চেষ্টাৰ দ্বাৰাই চেয়ে মোক নিৰস্ত্ৰ কৰিব পাৰে।”

“সেই মুহূৰ্ততে চে’ই মোক কৈছিল ‘শান্ত হওক আৰু ভালদৰে লক্ষ্য পোনাওক। আপুনি এজন মানুহক হত্যা কৰিবলৈ লৈছে।” “মই দুৱাৰমুখৰ ফালে পিছোৱাই আহিলো আৰু চকু মুদি গুলী চালনা কৰিলোঁ।”— চে’ক হত্যাৰ মুহূৰ্ত স্মৰণ কৰি টেৰানে পিছত এক সাক্ষাৎকাৰত এইদৰে কৈছিল।

মাত্ৰ ৩৯ বছৰীয়া জীৱন কালতে অনাদি কাললৈ এজন কিংবদন্তী হিচাপে পৰিগণিত হৈ পৰা চে’ৰ মৃতদেহ চুবুৰীয়া চহৰ ভালেগ্ৰাণ্ডত বিজয়ী পুৰস্কাৰৰ দৰে প্ৰদৰ্শন কৰা হৈছিল। সংবাদ সংস্থা এএফপিৰ ফটোগ্ৰাফাৰ মাৰ্ক হুটেনৰ কেমেৰাত অমৰ হৈ ৰৈছিল এই শিঁহৰিত মুহূৰ্ত!

৩০ বছৰৰ সেনা সেৱাৰ পিছত টেৰাণে কৰ্মজীৱনৰ পৰা অৱসৰ লয়।সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকি নিজকে লুকুৱাই ৰখা টেৰানে বহুদিনলৈ গুৱেভাৰাক হত্যা কৰা বুলি অস্বীকাৰ কৰিছিল।

আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ত জন্মগ্ৰহণ কৰা বিপ্লৱৰ মহানায়ক চে’ই চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে চে’ই সমগ্ৰ লেটিন আমেৰিকা ভ্ৰমণ কৰিছিল। সেই সময়তে প্ৰত্যক্ষ কৰিছিল দৰিদ্ৰতা, ভোক আৰু ৰোগৰ ভয়াৱহ দৃশ্য।

লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী শোষণৰ অন্ত পেলাবলৈ বাঢ়ি অহা আকাঙ্খাই চে’ক পিছলৈ গঢ়ি তুলিছিল বিপ্লৱৰ মহানায়ক হিচাপে।

১৯৫৫ চনত তেওঁ মেক্সিকোত কিউবান বিপ্লৱৰ জন্মদাতা ফিদেল কাষ্ট্ৰ আৰু ৰাউল কাষ্ট্ৰৰ সাক্ষাৎ পায়। ইয়াৰ পিছতে কিউবাৰ আমেৰিকা সমৰ্থিত একনায়কত্ববাদী শাসক ফুলগেনচিঅ বাতিস্তাৰ বিৰুদ্ধে কাষ্ট্ৰ’ই গঢ়ি তোলা বিদ্ৰোহত জপিয়াই পৰে চে’ আৰু ১৯৫৯ চনত বাতিস্তাক ক্ষমতাচ্যুত কৰে।