NORTHEAST NOW (Assamese)

ৰহস্যজনক অৱস্থাত উদ্ধাৰ ‘দ্য ডাৰ্টি পিকচাৰ’ৰ অভিনেত্ৰীৰ মৃতদেহ

December 12, 2020 2:14 pm · এন ই নাও নিউজ
Updated: December 12, 2020 2:16 pm

বলীউডত যেন কালিকা লাগিছে।

কোনো অভিনেতা-অভিনেত্ৰী যদি জটিল ৰোগত আক্ৰান্ত হৈছে, কোনোৱোই আকৌ ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লৈছে।

শেহতীয়াকৈ পুনৰ বলীউডৰ আন এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

‘দ্য ডাৰ্টি পিকচাৰ’ ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী আৰিয়া বন্দোপাধ্যায়ৰ মৃতদেহ কলকাতাৰ নিজা ফ্লেটৰ পৰা উদ্ধাৰ হৈছে।

যোধপুৰ পাৰ্কত থকা ফ্লেটত কাম কৰা এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰে।

মৃতদেহ উদ্ধাৰ হোৱা কোঠাটোত বহু তেজ লগা টিছু পেপাৰ পৰি থকাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ কোঠাটোৰ পৰা বহু কেইটা মদৰ বটল উদ্ধাৰ কৰিছে। সন্দেহ কৰা মতে অভিনেত্ৰী আৰিয়াই নিতৌ প্ৰচুৰ পৰিমাণে মদ্যপান কৰিছিল।

আৰক্ষীয়ে আৰিয়াৰ কোঠাৰ পৰা কেতবোৰ চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰও উদ্ধাৰ কৰিছে।

নথি-পত্ৰ সমূহৰ পৰা এই কথা নিশ্চিত কৰা হৈছে যে অভিনেত্ৰী আৰিয়া বহু দিনৰে পৰা হেপাটাইটিছ-বিত আক্ৰান্ত হৈ আছিল। মাজে সময়ে তেওঁৰ নাক আৰু মুখৰ পৰা তেজ ওলাইছিল।

যোৱা নিশাও হয়তো অভিনেত্ৰীগৰাকীৰ নাক-মুখৰ পৰা তেজ ওলাইছিল আৰু তেওঁ টিছু পেপাৰেৰে সেয়া মচিছিল।

অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।ফ্লেটটোত আৰিয়াই অকলে বাস কৰিছিল।

Related News