NORTHEAST NOW (Assamese)
দেশ

আৰ্থিক প্ৰৱঞ্চনাৰ সৈতে জড়িত অভিনেতা শ্ৰেয়াছ তালপাডে আৰু আলোক নাথকে ধৰি কেইবাজনৰো বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2025 4:58 pm
আৰ্থিক প্ৰৱঞ্চনাৰ সৈতে জড়িত অভিনেতা শ্ৰেয়াছ তালপাডে আৰু আলোক নাথকে ধৰি কেইবাজনৰো বিৰুদ্ধে দাখিল এজাহাৰ

আৰ্থিক জালিয়াতিৰ গোচৰত বলীউডৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তালপাদে আৰু আলোক নাথৰ লগতে ১৩ গৰাকীৰ নাম সাঙোৰ খাইছে।

এই আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২) (ফৌজদাৰী আস্থা ভংগ), ৩১৮(২) (প্ৰতাৰণা) আৰু ৩১৮(৪) (প্ৰতাৰণামূলক সম্পত্তি হস্তান্তৰ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

শেহতীয়াকৈ বিপুল আণ্টিল নামৰ এজন ব্যক্তিয়ে মুৰ্থাল থানাত জালিয়াতিৰ এজাহাৰ দাখিল কৰিছে।

তেওঁ অভিযোগ কৰে যে হিউমেন ৱেলফেয়াৰ ক্ৰেডিট ক’অপাৰেটিভ ছ’চাইটি নামৰ এটা সংস্থাৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পেলোৱা হৈছিল। কোম্পানীটোৱে ২০১৬ চনৰ পৰা ফিক্সড ডিপ’জিট আৰু ৰেকাৰিং ডিপ’জিটৰ পৰিৱৰ্তে বিপুল ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ আৰু কয় যে এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় মহেন্দ্ৰগড়ত অৱস্থিত। কোম্পানীটোৱে সমগ্ৰ হাৰিয়ানাত ২৫০টাতকৈও অধিক চাৰ্ভিচ চেণ্টাৰ বা ‘সুবিদ্যা কেন্দ্ৰ’ মুকলি কৰিছিল। বিনিয়োগকাৰীয়ে এই কেন্দ্ৰসমূহত ধন জমা কৰিছিল। আনকি কোম্পানীটোৱে বিভিন্ন চহৰত এম্বুলেন্স সেৱা আৰু ভ্ৰাম্যমাণ এ টি এম ভ্যান চলাইছিল। বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ প্ৰশিক্ষণ প্ৰদানৰ নামত ৰাজ্যৰ বিভিন্ন বিলাসী হোটেলত আয়োজন কৰিছিল অনুষ্ঠান।

বিপুল আণ্টিলে অভিযোগ কৰে যে তেওঁ ৩৩ লাখ টকা জমা কৰিছিল। তেওঁৰ ভাতৃয়েও ৪ কোটি টকা জমা কৰিছিল। কিন্তু তেওঁলোকক কোম্পানীটোৱে প্ৰৱঞ্চনা কৰি এই ধন আত্মসাৎ কৰে।