NORTHEAST NOW (Assamese)
অসম

ক্ৰমাগত পঞ্চমবাৰ ক’ৰ’না ভাইৰাছ পৰীক্ষাত পজিটিভ কন্ঠশিল্পী কনিকা কাপুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 3:10 pm
kanika_kapoor

ক্ৰমাগত পঞ্চমবাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ পৰীক্ষাত পজিটিভ পোৱা গৈছে বলিউদৰ কণ্ঠশিল্পী কনিকা কাপুৰক।

বৰ্তমান কনিকা কাপুৰক সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইষ্টিটিউট অব মেডিকেল চায়েঞ্চত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

চিকিৎসালয়খনৰ সঞ্চালক আৰ কে ধীমানে জনোৱা মতে কণ্ঠশিল্পী গৰাকী বৰ্তমান সাধাৰণ অৱস্থাত আছে আৰু খাদ্য গ্ৰহণ কৰি আছে স্বাভাৱিকভাৱে।

প্ৰতি ৪৮ ঘণ্টাৰ অন্তত কোভিদ-১৯-ত আক্ৰান্ত ৰোগী সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয়।

উল্লেখযোগ্য যে, লণ্ডনৰ পৰা উভতি অহাৰ পাছত শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বাবে ২০ মাৰ্চত কনিকা কাপুৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে, চিকিৎসালয়ত প্ৰথম অৱস্থাত কৰ্মৰত চিকিৎসকক সহযোগ নকৰাৰ বাবেও কনিকা কাপুৰক সমালোচনা কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষয়।