NORTHEAST NOW (Assamese)
অসম

জালিয়াতিৰ অভিযোগত বলীউদ তাৰকা চলমান খানকে ধৰি ৯জনক আৰক্ষীৰ চমন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2021 8:50 am
Salman-Khan-1

বলীউদ তাৰকা চলমান খান আৰু তেওঁৰ ভনীয়েককে ধৰি ৯জনক জালিয়াতিৰ অভিযোগত আৰক্ষীয়ে চমন পঠাইছে।

অহা ১৩ জুলাইৰ ভিতৰত চলমান খানকে ধৰি আটাইকেইজনকে এই সম্পৰ্কত উত্তৰ দিবলৈ কোৱা হৈছে।

চলমান খান, আলভিৰা খান অগ্নিহোত্ৰী আৰু বিং হিউমেন ফাউণ্ডেশ্যনৰ সৈতে জড়িত সাতজনৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছে।

বাতৰি অনুসৰি, অৰুণ গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীয়ে এই অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি, তেওঁ বিং হিউমেন জুৱেলাৰী ব্ৰেণ্ডৰ অধীনত ৩কোটি টকা দি এটা এক্সক্লুছিভ শ্ব’ৰুম খোলে।

বিং হিউমেনৰ কৰ্মকৰ্তাসকলে তেওঁক সহায় কৰিব বুলি তেওঁক আশ্বাস দিয়াৰ লগতে শ্ব’ৰুমটোত ৰখাৰ বাবে সামগ্ৰী পঠোৱাৰ কথাও আছিল বুলি জানিবলৈ দি  ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰে যে সংস্থাটোৱে সেয়া নকৰিলে।

এই সন্দৰ্ভত চণ্ডীগড়ৰ আৰক্ষী অধীক্ষক কেতন বানছালে জানিবলৈ দি কয় যে অহা ১৩ জুলাইলৈকে তেওঁলোকক সময় দিয়া হৈছে। অপৰাধমূলক কিবা থাকিলে ব্যৱস্থা লোৱা হ’ব।

ব্যৱসায়ী অৰুণ গুপ্তাই অভিযোগ কৰে যে শ্ব’ৰুম খোলাৰ ডেৰ বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁক কোনো সামগ্ৰী পঠোৱা হোৱা নাই।

গুপ্তাই দাবী কৰা মতে, সংস্থাটোৰ বিষয়াসকলৰ সৈতে কেইবাবাৰো যোগাযোগ কৰাৰ পাছতো সংস্থাটোৰ বিষয়াসকলে কথা ৰখা নাই।