NORTHEAST NOW (Assamese)
Popular Stories

ডিব্ৰুগড় বিমানবন্দৰত ছলমান; ডিঙিত গামোচা পিন্ধি উৰা মাৰিল মেছুকালৈ

Posted by: অভিক চক্ৰবৰ্তী November 22, 2018 1:51 pm
Salman Khan

অৰুণাচল প্ৰদেশৰ মেছুকা মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ এদিনিয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ অহা বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আজি পুৱা ১০:৩০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়।

পঞ্জাৱৰ পৰা এক বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা ছলমানক কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুয়ে আদৰণি জনায়। ইয়াৰ পিছতে তেওঁ ৰিজিজুৰ সৈতে পোনে পোনে হেলিকপ্টাৰযোগে প্ৰকৃতিৰ ভূস্বৰ্গ সদৃশ মেছুকালৈ ৰাওনা হয়।

কিৰেণ ৰিজিজুৰ অনুৰোধত মেছুকা মহোৎসৱলৈ অহা ছলমান খানে মহোৎসৱত অংশ লোৱাৰ উপৰিও  ‘MTB Arunachal Mountain Bicycle race’ৰ উদ্বোধন কৰি পুনৰ দিনৰ ২ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ মুম্বাইলৈ উৰা মাৰিব।

আনহাতে খন্তেক সময়ৰ কাৰণে হ’লেও জনপ্ৰিয় তাৰকা গৰাকীক ওচৰত পাই উৎফুল্লিত হৈ পৰে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীসকল। বিমান বন্দৰত পদাৰ্পণ কৰা পিছতে অভিনেতাজনক বিমানবন্দৰ কৰ্তৃপক্ষই অসমীয়া গামোচা পিন্ধাই উষ্ম সম্বৰ্ধনা জনায়।

উল্লেখযোগ্য যে ৭ পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া চাইক্লিং ইভেণ্টে ৬৫০ কিঃমিঃ সামৰি ল’ব। ইয়াত ১০খন দেশৰ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।