জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

এবাৰ দুবাৰ নহয়, একেৰাহে তিনিবাৰ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। সংশোধিত আই পি এলৰ সূচীত এই ষ্টেডিয়ামত তিনিখন খেল অনুষ্ঠিত কৰাৰ কথা আছিল। এনে পৰিস্থিতিত ধাৰাবাহিকভাৱে ভাবুকিপূৰ্ণ ই-মেইলে বিচিচিআইক চিন্তাত পেলাইছে।
প্ৰকাশিত তথ্য অনুসৰি যোৱা ৮ আৰু ১২ মে’ত ৰাজস্থান ক্ৰীড়া পৰিষদে জয়পুৰৰ এই ষ্টেডিয়ামখন উৰুৱাই দিয়াৰ ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল। এই ষ্টেডিয়ামত বোমা ৰখাৰ খবৰ আহিছিল। ১৩ মে’ মঙলবাৰে বিয়লি আন এটা ইমেইল লাভ কৰাৰ পিছত আৰক্ষীয়ে সমগ্ৰ ষ্টেডিয়ামখন তালাচী চলায়। তেওঁ কয় যে আগৰ দুবাৰৰ দৰে এইবাৰো ভাবুকি মিছা।
ৰাজস্থান ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সভাপতি নীৰজ কে পৱনে কয় যে ষ্টেডিয়ামত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। ফলত অনুৰাগী আতংকিত হোৱাৰ প্ৰয়োজন নাই। সকলোৰে উপযুক্ত সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে।
জয়পুৰৰ ষ্টেডিয়াম, ২৮ মে’ত হ’ব ৰাজস্থান বনাম পঞ্জাৱৰ খেল জয়পুৰত অনুষ্ঠিত হ’ব। তাত বাৰে বাৰে অহা ভাবুকিৰ ফলত খেলুৱৈ আৰু দৰ্শকৰ নিৰাপত্তাৰ প্ৰতি উদ্বেগ বাঢ়িছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম, চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়াম আৰু ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামৰ দৰে অন্য আইপিএলৰ স্থানলৈও একেধৰণৰ ভুৱা ভাবুকি আহিছে বুলি জনিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি প্ৰথমটো ভাবুকিপূৰ্ণ ইমেইল ৮ মে’ৰ পুৱা ৯:১৩ বজাত প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, এই ইমেইলটো ‘পাকিস্তান জে কে ৱেব’ নামৰ ইমেইল আইডিৰ পৰা আহিছে।
সূত্ৰ অনুসৰি সেই সময়ত ষ্টেডিয়ামত একাংশ কৰ্মচাৰী উপস্থিত আছিল। লগে লগে তেওঁলোকক উলিয়াই অনা হয়। আৰু এই ভাবুকি দিয়া ইমেইলৰ বিষয়ে আৰক্ষীক অৱগত কৰা হয়। ছ’চিয়েল মিডিয়াত জনসাধাৰণৰ উৎকণ্ঠা আৰু উন্নত নিৰাপত্তাৰ দাবী কৰা দেখা গৈছে। এতিয়া নিৰাপত্তা নিশ্চিত কৰাৰ লগতে প্ৰতিযোগিতা অব্যাহত ৰখাটোৱেই বিচিচিআইৰ মূল লক্ষ্যহৈ পৰিছে।