NORTHEAST NOW (Assamese)
Popular Stories

দেউতাকৰ দ্বিতীয় বিবাহ সম্পৰ্কে প্ৰশ্ন তুলিব পাৰিব কন্যাই, বম্বে’ উচ্চ ন্যায়ালয়ৰ ৰায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2021 8:30 pm

দেউতাকৰ দ্বিতীয় বিবাহৰ বৈধতা সম্পৰ্কে কন্যাই আদালতত প্ৰশ্ন কৰিব পাৰিব।

বম্বে উচ্চ ন্যায়ালয়ে এই কথা ঘোষণা কৰিছে।

বুধবাৰে ন্যায়াধীশ আৰ ডি ধনুকা আৰু ভি জি বিষ্টৰে গঠিত এখন ন্যায়পালিকাই এক অভিযোগৰ ভিত্তিত এই ৰায়প্ৰদান কৰিছে।

এগৰাকী ৬৬ বছৰীয়া মহিলাই দিয়া এক আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে।

মহিলাগৰাকীয়ে ২০১৬ চনত এখন পাৰিবাৰিক আদালতত এখন আবেদন দাখিল কৰিছিল।

আবেদনখনত তেওঁৰ মৃত দেউতাকৰ দ্বিতীয় বিবাহৰ বৈধতাক লৈ প্ৰত্যাহ্বান জনাইছিল।

আবেদনখনত লিখা মতে, তেওঁৰ মাতৃৰ ২০০৩ চনত মৃত্যু হোৱাৰ পাছতে দেউতাকে দ্বিতীয় বিবাহ কৰিছিল।

কিন্তু ২০১৬ চনত তেওঁৰ দেউতাকৰ মৃত্যুৰ পাছত অনুভৱ কৰে যে দেউতাকৰ দ্বিতীয়া পত্নীয়ে দ্বিতীয় বিবাহত সোমোৱালৈকে পূৰ্বৰ বিবাহৰ আইনীগত বিচ্ছেদ লোৱা নাছিল।

সেয়ে, তেওঁৰ দেউতাকৰ দ্বিতীয় বিবাহক আবেদনখনত বৈধ নহয় বুলি তেওঁ আবেদনখনত লিখিছে।

কিন্তু দেউতাকৰ দ্বিতীয় পত্নীগৰাকীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল যে আবেদনকাৰীয়ে এই বিষয়ত কোনো মাত মাতিব নোৱাৰে কিয়নো বিষয়টো দুটা পক্ষৰ মাজত সম্পন্ন হৈছে।

সেই অনুসৰি কেৱল তেওঁৰ দেউতাক আৰু দেউতাকৰ দ্বিতীয়া পত্নীয়েহে আদালতত তেওঁলোকৰ বিবাহৰ বৈধতাক লৈ প্ৰশ্ন কৰিব পাৰিব।

উচ্চ ন্যায়ালয়ে জনায় যে আবেদনকাৰীয়ে দেউতাকৰ দ্বিতীয়া পত্নীৰ বিবাহ বিচ্ছেদৰ বিষয়টো অধ্যয়ন কৰিছে আৰু লগে লগে পাৰিবাৰিক আদালতৰ কাষ চাপিছে।

ন্যায়ালয়ে জনায়, যিহেতু তেওঁৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছে, সেয়ে বিষয়টোৰ ক্ষেত্ৰত এতিয়াৰে পৰা দায়িত্ব তেওঁৰ আৰু এনেধৰণৰ বিবাহৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাব পাৰিব।

ন্যায়ালয়ে কয় যে পাৰিবাৰিক আদালতে দেউতাকৰ বিবাহৰ ক্ষেত্ৰত জীয়েকৰ প্ৰত্যাহ্বানক নাকচ কৰি ভুল কৰিছে।

তদুপৰি ন্যায়ালয়ে পাৰিবাৰিক আদালতখনলৈ পুনৰ্বিবেচনাৰ বাবে আবেদনপত্ৰখন প্ৰেৰণ কৰিছে।