NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ উচ্চ ন্যায়ালয়ত মুখ থেকেচা অৰ্ণৱ গোস্বামীৰ : জামিন নামঞ্জুৰ কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 4:30 pm
Arnab-Goswami-1-750x375

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন নামঞ্জুৰ কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে।

শনিবাৰে বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধে, ন্যায়াধীশ এম এছ কাৰ্ণিকৰ খণ্ড বিচাৰপীঠে বিতৰ্কিত সাংবাদিক গৰাকীৰ অন্তৰৱৰ্তীকালীন জামিন আবেদন দীৰ্ঘ সময় শুনানি গ্ৰহণ কৰাৰ পিছত জামিন নামঞ্জুৰ কৰে।

ইয়াৰ পূৰ্বে আলিগড় সত্ৰ আদালতে সাংবাদিক গৰাকীৰ জামিন নামঞ্জুৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ইফালে দিল্লী উচ্চ ন্যায়ালয়েও বলিউদৰ চাৰিটা সংস্থা আৰু ৩৪ গৰাকী প্ৰযোজকে ৰিপাব্লিক টিভি আৰু টাইমছ নাওৰ হিন্দী চেনেলে বলিউদৰ হিন্দী ছবি জগতৰ লোকসকলৰ বিৰুদ্ধে দায়িত্বহীন, অসন্মানজনক আৰু অপমানজনক বাতৰি প্ৰচাৰ তথা মন্তব্য কৰাৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰিছে।

উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল।

২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

অনভয়ে নাইকে তেওঁৰ আত্মহত্যাৰ টোকাত অৰ্ণৱ গোস্বামীসহ তিনিজন লোকে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি স্পষ্টৰূপে লিখি থৈ গৈছিল।