NORTHEAST NOW (Assamese)
অসম

বণ্ডি বীচত এক মহান উদ্দেশ্যৰ বাবে নগ্ন হ’ল ২,৫০০ লোক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 26, 2022 7:47 pm
বণ্ডি বীচত এক মহান উদ্দেশ্যৰ বাবে নগ্ন হ’ল ২,৫০০ লোক

অষ্ট্ৰেলিয়াৰ চিডনীৰ বণ্ডি বীচত হাজাৰ হাজাৰ লোকে সম্পূৰ্ণ নগ্ন হৈ ছালৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰসায় কৰে৷

এই কাৰ্যসূচীত প্ৰায় ২,৫০০ পুৰুষ-মহিলাই সম্পূৰ্ণ নগ্ন হৈ ফটো উঠে৷ প্ৰসিদ্ধ মাৰ্কিন ফটোগ্ৰাফাৰ স্পেন্সাৰ টুনিকৰ আহ্বানত এই লোকসকলে পুৱা ৫.৩০ বজাত নগ্ন হৈ ফটো শ্বুটত ভাগ লৈছিল৷

ফটোগ্ৰাফিক শিল্পী স্পেন্সাৰ টুনিকৰ এনে প্ৰচেষ্টাক বহুতে আদৰণি জনাইছে যদিও বহুতে ইয়াক সমালোচনাও কৰিছে৷

ছালৰ কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰকৃত সজাগতাৰ অভাৱৰ বাবেই বহুতে এই ৰোগ বিধ ধৰা পৰাত বহু পলম হয়।

আজিৰ এই নগ্ন ফটো শ্বুটে ৰোগ বিধৰ সম্পৰ্কত কেনে ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পাৰে সেয়া সময়তহে স্পষ্ট হ’ব।