NORTHEAST NOW (Assamese)
অসম

ক’ভিডৰ সংক্ৰমণ হ্ৰাসঃ বঙাইগাঁও জিলাত দেওবৰীয়া বন্ধ প্ৰত্যাহাৰ কৰিলে প্ৰশাসনে

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 26, 2021 10:19 pm
zz

বঙাইগাঁও জিলাত শেহতীয়াভাৱে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে ৷ ইয়াৰ ফলত বঙাইগাঁও জিলাত প্ৰশাসনে ক’ভিড পৰিস্থিতিৰ বাবে পূৰ্বে জাৰি কৰা তথা বৰ্তমান বাহাল থকা দেওবৰীয়া বন্ধৰ নিৰ্দেশ শনিবাৰে প্ৰত্যাহাৰ কৰিছে ৷

এতিয়াৰে পৰা জিলাখনত দেওবাৰেও আন দিনাৰ দৰে সকলো দোকান- পোহাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান ,বজাৰ আদি খোলা ৰাখিব পাৰিব ৷

এই সন্দৰ্ভত  বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ ডাঃ এম এচ লক্ষ্মী প্ৰিয়াই জাৰি কৰিছে এক নিৰ্দেশনা।

নিৰ্দেশনাত উল্লেখ কৰা  মতে বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দৈনিক প্ৰতিবেদন অনুসৰি ক্ৰমশ: জিলাখনত ক’ভিড সংক্ৰমণ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে।

office1234

তদুপৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া নিৰ্দেশনাত বঙাইগাঁও জিলাত দিনৰ ৪ বজালৈ দোকান-পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে।

লগতে পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ জনসাধাৰণক চলা-ফুৰা কৰিবলৈও অনুমতি প্ৰদান কৰা হৈছে।

সেয়ে বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ গৰাকীয়ে  জিলাখনত পূৰ্বতে ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা দেওবৰীয়া বন্ধ প্ৰত্যাহাৰ কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিৰ্ধাৰিত কৰি দিয়া সময় অনুসৰি বঙাইগাঁও জিলাত সকলো দেওবাৰে দোকান-পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰ আদি খোলা ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশনাটোত অনুমতি প্ৰদান কৰিছে।