NORTHEAST NOW (Assamese)
অসম

যুদ্ধভূমি ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত কামৰূপ বংশৰৰ ছাত্ৰী দীপশিখা দাস

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো March 3, 2022 1:56 pm

ইউক্ৰেইনত গুলী,বাৰুদ, বোমাৰ মাজতে আতংকময় জীৱন অতিবাহিত কৰা বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে এতিয়া স্বদেশলৈ উভতি অহাৰ সুযোগ পাইছে।

ভাৰত চৰকাৰে গ্ৰহণ কৰা অপাৰেছন গংগাৰ অধীনত এতিয়ালৈকে তিনিহাজাৰৰো অধিক ভাৰতীয় লোকক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা সুকলমে ভাৰতীয় ঘূৰাই আনিব পৰা গৈছে। যুদ্ধৰ ভয়াৱহ স্মৃতি বুকুত বান্ধি শেহতীয়াকৈ স্বগৃহত আহি উপস্থিত হৈছে।

কামৰূপৰ বংশৰৰ ছাত্ৰী দীপশিখা দাস। দীপশিখাই ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিছতে ভাৰতে আৰম্ভ কৰা অপাৰেচন গংগাৰ জৰিয়তে যুদ্ধ জর্জৰ ইউক্ৰেইনৰ পৰা সুকলমে ঘৰ পালেহি দীপশিখাই।

স্বগৃহত উপস্থিত হৈয়েই ইউক্ৰেইনৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে দীপশিখাই।

ছাত্ৰীগৰাকীক সুকলমে ঘৰলৈ অহাত সুবিধা কৰি দিয়াৰ বাবে দীপশিখাৰ পৰিয়ালে ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

দীপশিখাই প্ৰকাশ কৰা মতে পৰিবেশ স্বাভাৱিক হলেই তেওঁ আকৌ ইউক্ৰেইনলৈ অধ্যয়নৰ বাবে উভতি যাব।