NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী গ্রন্থমেলাত ‘বিবাহ পদ্ধতি আৰু বিয়ানাম’ শীৰ্ষক গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 8:02 am
গ্রন্থ উন্মোচন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত বৃহস্পতিবাৰে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংশ বিয়ানামৰ এক বিশেষ সংস্কৰণ হিচাপে অম্বিকা দত্ত দেৱীৰ দ্বাৰা ৰচিত ‘বিবাহ পদ্ধতি আৰু বিয়ানাম’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

গ্ৰন্থ উন্মোচনী সভাত ড০ দিলীপ কলিতা, মৃণালিণী দেৱী, নীলিমা বৰা, শশীপ্ৰভা দাস, দৰ্পনা বৰা নেওগ আৰু তৃষ্ণা দেৱীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি নীলিমা দেৱীয়ে অসমীয়া সাহিত্য সংস্কৃতিত বিয়াৰ ৰীতি নীতিৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰে। সেইদৰে দৰ্পনা বৰা নেওগে লেখিকা অম্বিকা দত্তৰ বিষয়ে আভাস দাঙি ধৰে।

আনহাতে, মৃণালিণী দেৱীয়ে গ্ৰন্থখন উন্মোচন কৰি এইখন এখন উৎকৃষ্ট মানৰ গ্ৰন্থ হ’ব বুলি উল্লেখ কৰি লেখিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

ইপিনে, নিজৰ ভাষণ প্ৰসংগত ড০ দিলীপ কলিতাই কয় যে আমাৰ লোক সংস্কৃতিবোৰ যদি লিখিত আকাৰে ৰখা নাযায় তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই সেইবোৰৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে।

সামৰণিত ডাঃ শশাংক শেখৰ দত্তই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে।