NORTHEAST NOW (Assamese)

মুকলি হোৱাৰ পূৰ্বেই Honda City BS6 ৰ বুকিং আৰম্ভ; চাওক কিমান হ’ব পাৰে ইয়াৰ মূল্য

November 11, 2019 1:19 pm · এন ই নাও নিউজ

আপোনাৰ যদি হোণ্ডাৰ কাৰ’ৰ প্ৰতি চখ আছে তেতিয়াহ’লে আপোনাৰ বাবে ভাল খৱৰ। হোণ্ডাই ভাৰতত ইয়াৰ বৰ্তমানৰ পেট্ৰ’ল মডেলৰ BS6 ৰ ভাৰ্ছনটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ মাজতে কোম্পানীটোৱে দিল্লীৰ আৰ টি অ’ অফিচত Honda City BS6 পেট্ৰ’লৰ মেনুৱেল ভাৰ্ছনটোৰ বাবে পঞ্জীয়ন কৰিছে।

জানিবলৈ পোৱা মতে, পুনে, মুম্বাই, জয়পুৰ, চেন্নাই, কলকাতা আৰু লক্ষ্ণৌৰ কেইবাটাও ডীলাৰে হেনো BS6 ইঞ্জিনযুক্ত হোণ্ডা চিটীৰ অকৰ্তৃত্বশীলভাৱে এডভান্স বুকিঙো আৰম্ভ কৰি দিছে।

Cardekho.com ৰ মতে, হোণ্ডা ইণ্ডিয়াই এইটো প্ৰথমতেই ঘোষণা কৰিছে যে তেওঁলোকে BS6ৰ নৰ্মছ প্ৰযোজ্য হোৱাৰ পাছতো ভাৰতত ডিজেল কাৰৰ বিক্ৰী বন্ধ নকৰে। কোম্পানীয়ে BS6 পেট্ৰ’ল ইঞ্জিনযুক্ত হোণ্ডা চিটীৰ সোনকালেই মুকলি কৰি দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে।

ইপিনে কোম্পানীয়ে ২০২০ৰ এপ্ৰিলত প্ৰথম ইয়াৰ BS6 নৰ্মছ অনুসৰি আপগ্ৰেড কৰা ডিজেল ভাৰ্ছনটোও মুকলি কৰাৰ সম্ভাৱনা আছে।

BS6 আপডেটেড হোণ্ডা চিটীৰ ভেৰিয়েন্ট লাইনআপ ইয়াৰ বৰ্তমানৰ মডেলৰ দৰেই থকাৰ সম্ভাৱনা আছে। হোণ্ডা চিটীৰ আপডেটেড মডেলত বৰ্তমান মডেলত থকা ফিচাৰ্ছসমূহেই দিয়া হ’ব পাৰে।

হোণ্ডা চিটীৰ বৰ্তমান মডেলৰ মূল্য ৯.৮১ লাখ টকাৰ পৰা ১৪.১৬লাখ টকা। মুকলি হ’বলগীয়া BS6 ইঞ্জিনযুক্ত হোণ্ডা চিটীৰ মৃল্যত ৩০,০০০টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে।

Related News