NORTHEAST NOW (Assamese)
Popular Stories

বুঙ আৰু বুঙৰ শৈশৱ…

Posted by: ৰিমলী বৰকটকী Updated by: ৰিমলী বৰকটকী March 23, 2026 7:42 pm

বুঙ- কলামোদী দৰ্শকৰ বাবে এই চিনেমাখনৰ নামটো অপৰিচিত নহয়। বুঙ হৈছে এখন মণিপুৰী ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনে সদ্য-অনুষ্ঠিত ৭৯তম বাফটা (দ্য ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ) বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ শিশু আৰু পৰিয়ালকেন্দ্ৰিক ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতে উল্লেখনীয় যে, বুঙ হৈছে বাফটা বঁটাপ্ৰাপ্ত প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ। ছবিখনে মুক্তি লাভ কৰিছিল ২০২৪ চনত টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF)-ত। পৰৱৰ্তী সময়ত ২০২৫-ত এবাৰ আৰু বৰ্তমান অৰ্থাৎ ২০২৬-ৰ ৬ মাৰ্চ তাৰিখে পুনৰাই ছবিগৃহত মুক্তি লাভ কৰে। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে লক্ষ্মীপ্ৰিয়া দেৱীয়ে। বুঙৰ পৰিচালনাও কৰিছে লক্ষ্মীপ্ৰিয়া দেৱীয়েই। ছবিখন বৰ্তমান দেশ তথা ৰাজ্যৰ ভিন্ন ছবিগৃহত চলি আছে।

বুঙ- শব্দৰ অৰ্থ, মণিপুৰী ভাষাত সৰু লৰা। ছবিৰ আৰম্ভণি হয় বুঙ ওৰফে ব্ৰজেন্দ্ৰ সিঙে নিজে পঢ়া বিদ্যালয়খনৰ গেটত লগাই থোৱা নামফলকখন কেটেপা মাৰি ধৰাশায়ী কৰাৰ দৃশ্যৰে। লগত নলে-গলে লগা বন্ধু ৰাজু। বিদ্যালয়ত পিছত আন এটা অপৰাধ কৰি বিদ্যালয়ৰ পৰা বহিষ্কৃত হয়। বুঙৰ মাক মন্দাকিনী আহে আৰু বুঙক স্কুলৰ পৰা লৈ যায়। এইবোৰ কৰাৰ আঁৰত বুঙৰ এটাই ইচ্ছা- ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ। কথামতেই কাম। বুঙ আৰু ৰাজু দুয়ো নতুন ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ যায়। অবাধ্য, দুৰন্ত বুঙৰ নতুন যাত্ৰা আৰম্ভ হয়। আৰম্ভণিৰে পৰাই ছবিখনত হাস্যৰসৰ উপস্থাপন আছে আৰু ই স্বতঃস্ফূৰ্ত। ছবিখনৰ কাহিনীভাগ আৰম্ভণিৰে পৰাই গতিশীল। এক পলকৰ বাবেও পৰ্দাৰ পৰা চকু তুলিবলৈ মন নোযোৱাকৈ চাব পৰা চিনেমা বুঙ। বুঙ বা ব্ৰজেন্দ্ৰ সিঙৰ আন এটা ডাঙৰ লক্ষ্য তাৰ পিতৃক ঘৰলৈ মতা। দীৰ্ঘদিন ধৰি বুঙ আৰু বুঙৰ মাতৃ মন্দাকিনীয়ে পিতৃ তথা স্বামীৰ অবিহনেই জীৱন কটাইছে। কেতিয়া আহিব তাৰ কোনো নিশ্চয়তা নাই। এই অনিশ্চয়তাৰ মাজতেই হঠাৎ এদিন মন্দাকিনীৰ বৰজনাই গাঁৱৰ ৰাইজসহ খবৰ দিয়েহি যে, বুঙৰ পিতৃ জয়কুমাৰ সিঙ আৰু এই পৃথিৱীত নাই। লগতে তেওঁৰ কিছু নথি-পত্ৰ আৰু গাঁৱৰ প্ৰধানে দিয়া এখন মৃত্যুৰ প্ৰমাণপত্ৰ। মন্দাকিনীয়ে এই সত্য মানি নলয়, আৰু ৰাতিয়েই ৰাজুৰ পিতৃ সুধীৰৰ লগত গৈ গাঁৱৰ প্ৰধানৰ ঘৰ ওলায়গৈ। তাত প্ৰধানে বহু কেৰজেৰ কৰাৰ পিছত কয় যে তেওঁলৈ সেইখিনি নথি-পত্ৰ ডাকত আহিছিল আৰু মৃত্যুৰ প্ৰমাণপত্ৰখন দিবলৈ ফোন আহিছিল। তাতকৈ অধিক তেওঁ একো নাজানে। তাৰ দুদিনমানৰ পিছত মন্দাকিনী মৰে‘ (মণিপুৰ-ম্যানমাৰ সীমান্তৰ এটুকুৰা ঠাই) যাবলৈ ওলায় স্বামীৰ সন্ধানত। পিছে মন্দাকিনীৰ লগ দিয়াৰ বাবে গাওঁবাসী আৰু প্ৰধানে আহি সুধীৰক বাৰুকৈয়ে দুআষাৰ শুনায়। মন্দাকিনীয়ে যোৱাৰ আশা বাদ দি ঘৰমুৱা হয়। মন্দাকিনীৰ বৰজনাকে বুঙৰ পিতৃৰ মৃত্যুৰ অনুষ্ঠান অনুষ্ঠিত কৰে। মন্দাকিনীয়ে বুঙক লগত লৈ তালৈ সাজি-কাচি যায় আৰু জয়কুমাৰ সিঙৰ ফটোৰ পৰা মালা আদি আঁতৰাই গুচি আহে। বাটতে মন্দাকিনীৰ স্কুটীখন দুৰ্ঘটনাগ্ৰস্ত হয়। মন্দাকিনী আঘাতপ্ৰাপ্ত হয়। তাৰ দুদিনমানৰ পিছত বুঙ আৰু ৰাজুৱে স্কুলৰ পৰা ফুৰিবলৈ যাব বুলি মৰেলৈ যাত্ৰা কৰে, জয়কুমাৰ সিঙক বিচাৰি। এনেদৰেই চিনেমাখনৰ কাহিনীভাগ আগবাঢ়ে। বুঙে পিতৃক বিচাৰি পায় নে নাপায় তাক লৈয়েই উৎকণ্ঠাৰে মাজেৰে ছবিখনৰ অন্তিম অংশ। বুঙৰ চিনেমেটগ্ৰাফীৰ কাম সুন্দৰ। ছবিখনৰ চিত্ৰনাট্যখন এখন সু-সংৰচিত চিত্ৰনাট্য, যিয়ে ছবিখনক এক মনোগ্ৰাহী লয়ত আগবঢ়াই লৈ গৈছে। চলচ্চিত্ৰৰ যি শিল্প বা craft – সেইটো খুব ধুনীয়াকৈ ফ্ৰেমত আৱদ্ধ কৰিছে পৰিচালকে। একেবাৰেই নিভাঁজ সৰল এখন ছবি বুঙ। আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। আলোকশিল্পৰ কাম মনোগ্ৰাহী। লগতে উল্লেখনীয় হৈছে বুঙৰ সম্পাদনাৰ দিশ, ই ১ ঘণ্টা ৩৪ মিনিটৰ ছবিখনক কতোৱেই আমনি নলগাকৈ ধৰি ৰাখিছে।

এতিয়া আহিছোঁ অভিনয়ৰ দিশলৈ। আৰম্ভণিতেই নাম লব লাগিব বুঙৰ চৰিত্ৰত অভিনয় কৰা গুগুণ কীপগেনৰ কথা। শিশুসুলভ সৰলতা আৰু দুষ্টামিৰ ভঁৰাল বুঙৰ চৰিত্ৰত গুগুণ কীপগেনৰ অভিনয় উচ্চ-প্ৰশংসনীয়। আনহাতে মন্দাকিনীৰ চৰিত্ৰত অভিনয় কৰা বালা হিজাম নিংথৌজামৰ অভিনয় প্ৰশংসনীয়। বাকী সকলোৰে অভিনয় স্বাভাৱিক। বুঙৰ অন্ত শোকে গৰকি যোৱা। এবাৰ বুঙ চাওক, আপুনি নিৰাশ নহয় মুঠেও।

ইমেইল- [email protected]