NORTHEAST NOW (Assamese)

কৰিমগঞ্জত বি এছ এফৰ হাতত সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক

November 14, 2019 4:32 pm · এন ই নাও নিউজ
কায়েছুদ্দিন তালুকদাৰ

কায়েছুদ্দিন তালুকদাৰ নামৰ এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিমগঞ্জ জিলাৰ পৰা আটক কৰে।

বি এছ এফৰ তৰফৰ পৰা সদৰি কৰা মতে কায়েছুদ্দিন নামৰ লোকজনে এগৰাকী অসমৰ ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছে।

‘‘সন্দেহযুক্ত  লোকজনৰ নাম বৰ্তমানো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱা নাই,’’ বি এছ এফে কয়।

বাংলাদেশৰ পৰা উভতি অহাৰ সময়তে বি এছ এফে কায়েছুদ্দিনক আটক কৰিছে বুলি উল্লেখ কৰে।

ধৃত কায়েছুদ্দিন বাংলাদেশৰ মৌলবিবাজাৰ জিলাৰ বাসিন্দা। নাগৰিক জনৰ সম্পৰ্কত অধিক তথ্য সংগ্ৰহৰ বাবে বি এছ এফে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, অসমৰ কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত প্ৰায়ে বাংলাদেশী নাগৰিক সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হৈ আহিছে।

Related News