NORTHEAST NOW (Assamese)
Popular Stories

Boris Johnson: ‘বেকাৰ’ বৰিছ: লাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ব্ৰিটেইনৰ পদত্যাগী প্ৰধানমন্ত্ৰী জনছন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2022 2:11 pm

Boris Johnson চাপৰ মাজত পৰি অৱশেষত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছে। যোৱা ৭ জুলাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বৰিছে কৈছিল যে তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চাকৰি এৰি দুঃখিত। এতিয়া সেই ‘বেকাৰ’ (নিবনুৱা) বৰিছে লাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ফুৰিছে! সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰিছৰ সেই ফটো। কিন্তু ঘটনাটোনো কি?

দৰাচলতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা বৰিছ জনছনৰ পদত্যাগৰ পিছতেই আশ্চৰ্যকৰ সিদ্ধান্ত লৈছে ব্লেকপুলৰ বিশ্ববিখ্যাত মমৰ মূৰ্তিৰ সংগ্ৰহালয় মেডাম ট্যুচোৱে। যিহেতু বৰিছ জনছন এতিয়া আৰু প্ৰধানমন্ত্ৰী নহয়, সেয়ে তেওঁৰ প্ৰতিমূৰ্তিটো সংগ্ৰহালয়ৰ পৰা আঁতৰাই দিয়া হৈছে।

লগতে পঢ়ক: Sri Lanka protests: প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেৰ বাসভৱন

জানিব পৰা মতে সেই প্ৰতিমূৰ্তিটো এতিয়া লাংকাশ্বায়াৰৰ চাকৰি অনুসন্ধান কেন্দ্ৰৰ বাহিৰত ৰখা হৈছে।

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিটো এখন বোৰ্ডৰ সন্মুখত ৰখা হৈছে য’ত বৰিছে চাকৰি বিচাৰি আছে বুলি দেখুৱাবলৈ বোৰ্ডৰ ‘ভেকেন্সি’ বুলি লিখি দিয়া হৈছে।

লগতে পঢ়ক: Russia-Ukraine War: ভাৰতকে ধৰি পাঁচখন দেশত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত ৰাষ্ট্ৰপতি জেলেনস্কিৰ

ৰাস্তাৰ কাষত থকা এই প্ৰতিমূৰ্তিটো দেখি মানুহে আচৰিত হৈছে যদিও লগতে স্ফূৰ্তিও পাইছে। ৰাস্তাত থকা প্ৰতিমূৰ্তিটোৰ সৈতে পথাচাৰীয়ে চেলফি লৈ আছে।  বৰিছৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰা হৈছে।

জব চেণ্টাৰৰ বাহিৰৰ ৰাস্তাত ৰখা বৰিছ জনছনৰ প্ৰতিমূৰ্তিটো চলিত বছৰৰ মাৰ্চত মেডাম ট্যুচো গেলেৰীৰ ফালৰ পৰা উন্মোচন কৰা হৈছিল। মুঠ ২০ জন শিল্পীয়ে সন্মিলিতভাৱে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল। এইটো নিৰ্মাণ কৰিবলৈ আঠ মাহ সময় লাগিছিল।