NORTHEAST NOW (Assamese)

বৰ্ণালী গগৈ ভাৰতীয় বায়ু সেনাৰ প্ৰথম অসমীয়া মহিলা উইং কামাণ্ডাৰ

October 27, 2020 5:31 pm · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

অসমৰ বাবে আহিছে এটা সুখবৰ। লখিমপুৰ জিলাৰ বৰ্ণালী গগৈক ভাৰতীয় বায়ু সেনাই উইং কামাণ্ডাৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে।

ভাৰতীয় বায়ু সেনাত উইং কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰা বৰ্ণালী গগৈয়ে হৈছে একমাত্ৰ অসমীয়া মহিলা।

বৰ্ণালীয়ে ১৯৯৬ চনৰ ২৭ মে’ত পাইলট অফিচাৰ হিচাপে বায়ু সেনাত যোগদান কৰিছিল। পিছত তেওঁ ফ্লায়িং অফিচাৰ আৰু ফ্লায়িং লেফটেণেণ্ট হিচাপে পদোন্নতি লাভ কৰে।

অলপতে বৰ্ণালী গগৈক বায়ু সেনাই উইং কামাণ্ডাৰ হিচাপে নিযুক্তি দিয়ে।

উল্লেখ্য যে ১৯৮৬ চনৰ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত ১৬ নং স্থান দখল কৰা বৰ্ণালীয়ে কটন কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

গগৈয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ এণ্ড টেলিকমুনিকেশ্যনত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হৈছিল।

ইয়াৰ পিছত তেওঁ বিৰলা ইনষ্টিটিউট অফ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা এম টেক ডিগ্ৰী গ্ৰহণ কৰিছিল।

Related News