NORTHEAST NOW (Assamese)
অসম

বলাবলাৰ জিনাৰী নৈত গা ধুবলৈ গৈ শিশু সন্ধানহীন; আৰক্ষী, এছ ডি এৰ এফৰ তীব্ৰ উদ্ধাৰ অভিযান

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা May 13, 2019 9:51 pm
boy missing

গোৱালপাৰা জিলাৰ জিনাৰী নৈত গা ধুবলৈ আহি এজন আঠ বছৰীয়া শিশু সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ বলবলা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে, আগিয়া বুধিপাৰাত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা বলীন নমঃ দাসৰ পুত্ৰ তাপস দাসে বলবলাৰ খ্ৰাগাবাৰীৰ আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি তিনিগৰাকী সমনীয়াৰ সৈতে জিনাৰী নৈত গা ধুবলৈ বুলি দুপৰীয়া ওলাই যায়।

সমনীয়াৰ সৈতে নৈত গা ধুই থকাৰ সময়তে ৮ বছৰীয়া তাপস নামৰ শিশুটো নৈৰ দ পানীত পিচলি পৰি যায়। আকস্মিক দুৰ্ঘটনাটোত হতভম্ব হৈ গা ধুবলৈ যোৱা আন দুজন সমনীয়াই তাপসক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে।

নৈৰ দ পানীত পৰি যোৱা তাপসক উদ্ধাৰ কৰিব নোৱাৰি সমনীয়া দুগৰাকীয়ে ঘৰলৈ আহি সমগ্ৰ ঘটনা পৰিয়ালৰ আগত বৰ্ণনা কৰি কোৱাৰ পাছত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে।

ইতিমধ্যে নৈৰ পানীত উটি যোৱা শিশুজনক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ তীব্ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও সন্ধানহীন হৈ থকা শিশুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।