NORTHEAST NOW (Assamese)
অসম

বি পি এফৰ উদোগত হাউলীৰ বালাভিটাত কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ

Posted by: আনিছুজ জামান September 11, 2018 1:38 pm
Screenshot_20180911-115546

বি টি এ ডিৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ এম চি এল গৌতম দাসৰ সহযোগত আৰু বৰপেটা জিলা বি পি এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফৰ উদ্যোগত দলটোৰ কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী কমিটিয়ে আজি কলহভাংগা পঞ্চায়ত এলেকাৰ ৩০ গৰাকী দৰিদ্ৰ কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ কৰে।

এক অনুষ্ঠানৰ মাজেৰে বৰপেটা জিলা বি পি এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফে অঞ্চলটোৰ ৰায়পুৰ, বালাভিটা, যশিহাটী, ভালুকি আদি গাঁৱৰ দুখীয়া শ্ৰেণীৰ কৃষক সকলৰ মাজত একোটাকৈ স্প্ৰে মেচিন আগবঢ়ায়।

স্প্ৰে মেচিন বিতৰণ অনুষ্ঠানত দলটোৰ বৰপেটা জিলাৰ উপ সভাপতি মোজাম্মিল হক, কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী বি পি এফৰ সভাপতি ইকবাল হুছেইন, সম্পাদক মতিউৰ ৰহমান, উপ সভাপতি আলাল উদ্দিন, খাইৰুল ইছলামকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি কৃষক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।