NORTHEAST NOW (Assamese)

বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোটত যোগদান বিপিএফৰঃ কাইলৈ ​​শপত ল’ব চৰণ বড়োৱে

October 17, 2025 8:54 pm · এন ই নাও নিউজ, গুৱাহাটী

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰত মন্ত্ৰীত্ব লাভ কৰি এনডিএ-ত আনুষ্ঠানিকভাৱে যোগদান কৰিছে বড়োলেণ্ড পিপলছ ফ্ৰণ্টে। শাসকীয় মিত্ৰজোঁটত বিপিএফৰ আনুষ্ঠানিক প্ৰৱেশৰ পাছতে পৰিবহণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো।

কাইলৈ ​​বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে আজি দিল্লীৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় চৰণ বড়ো।

ইয়াৰ পূৰ্বে ১৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

ইয়াৰ পাছতে অমিত শ্বাহে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে পৃথক বৈঠকত মিলিত হয়।

স্মৰ্তব্য যে পূৰ্বতে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে বিপিএফ বিজেপিৰ সৈতে এনডিএৰ মিত্ৰতাত থাকিলে ইউপিপিএল সেই মিত্ৰতাত থাকিব নোৱাৰে বুলি উল্লেখ কৰিছিল।

Related News