NORTHEAST NOW (Assamese)
অসম

বিপিএফত পুনৰ মোক্ষম আঘাত! হাগ্ৰামাৰ সংগ এৰি বিজেপিৰ শৰণাগত বিজিত গৌৰা নাৰ্জাৰী

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক May 28, 2021 9:22 am
Bijit Goura

হাগ্ৰামা মহিলাৰীৰ সংগ এৰি বিজেপিলৈ গমন বিপএফৰ এগৰাকী পাৰিষদ (এমচিএলএ) বিজিত গৌৰা নাৰ্জাৰীয়ে।

শুকুৰবাৰে বৰ্তমান বিজেপি নেতা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উপস্থিতিত গুৱাহাটীত  বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰিব ২৬ নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে।

শুকুৰবাৰে ৰাতিপুৱাৰ ভাগতেই গেৰুৱা বসন পিন্ধিব নাৰ্জাৰীয়ে।

ইতিমধ্যে সমষ্টিৰ পৰা গুৱাহাটীলৈ যোগদানৰ বাবে ৰাওনা হৈছে বুলি বিজিত গৌৰা নাৰ্জাৰীয়ে নিজেই নৰ্থইষ্ট নাওক জানিবলৈ দিলে।

বিজিত গৌৰা দৰঙাজুলি সমষ্টিৰ বিপিএফৰ তিনিবাৰৰ এমচিএলএ তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য।