NORTHEAST NOW (Assamese)
অসম

বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ; আজিৰ পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2019 1:37 pm
Water level of brahmaputra

বিগত তিনিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ নৈ-উপনৈ সমূহ ফেনেফোটোকাৰে ওফন্দি উঠিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰায় ৫০,০০০ লোক বানপানীৰ কৱলত পৰিছে।

ৰাজ্যত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত অসমৰ মূল নদী ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্তৰ প্ৰতি ঘণ্টাত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে মহাবাহুৰ পানী হৈ থকা বুলি খবৰ লাভ কৰিব পৰা গৈছে।

আনহাতে, ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠৰ প্ৰতি লক্ষ্যৰাখি গুৱাহাটী মহানগৰ প্ৰশাসনে আজি সন্ধিয়াৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্বাভাৱিক নহোৱা পৰ্য্যন্ত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ থাকিব।

উল্লেখযোগ্য যে, ফেৰীসেৱা বন্ধ থকাৰ সময়ত উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী মহানগৰীলৈ যাতায়তৰ ক্ষেত্ৰত যাতে জনসাধাৰণে অসুবিধাৰ সন্মুখিন হ’বলগীয়া নহয় তাৰপ্ৰতি লক্ষ্যৰাখি জিলা প্ৰশাসনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ নিশা পৰ্য্যন্ত এ এছ টি চি বাছ সেৱা অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছে বুলি খবৰ লাভ কৰা হৈছে।