NORTHEAST NOW (Assamese)
অসম

প্লে অফত স্থান সুৰক্ষিত কৰাটো সহজ নহ’ব চেন্নাইৰ, দলৰ পৰা বাহিৰ এগৰাকী ষ্টাৰ অলৰাউণ্ডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 4:12 pm

আই পি এলৰ চলিত সংস্কৰণত ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন আগবঢ়াই থকা চেন্নাই ছুপাৰ কিংছ দললৈ আহিছে আন এক বেয়া খবৰ।

চেন্নাই ছুপাৰ কিংছ দলৰ ষ্টাৰ অলৰাউণ্ডাৰ ডোৱাইন ব্ৰেভোৱে অহা কিছু সপ্তাহৰ বাবে দলৰ পৰা বাহিৰত থাকিব লাগিব।

কিয়নো শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচত ব্ৰেভোৱে ককাঁলত আঘাত পাইছে আৰু যাৰ বাবে তেওঁ অহা কেইখনমান মেচত অংশ ল’ব নোৱাৰিব।

ব্ৰেভোৰ আঘাত সম্পৰ্কত দলৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে কয়, ‘ব্ৰেভোৰ আঘাত হৈছে আৰু তেওঁ কিছু সপ্তাহৰ বাবে বাহিৰ হৈছে’।

ফ্লেমিঙে লগতে কয় যে আমি ব্ৰেভোক ফিল্ডত বেছি সময়ৰ বাবে থাকিব দিব নোৱাৰিলো কাৰণ তেওঁ বেছি সময় থাকিলে আঘাত গুৰুতৰ হ’লহেতেন।

উল্লেখ্য যে শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছতে এতিয়া চেন্নাই দলে প্লে অফত স্থান সুৰক্ষিত কৰিবলৈ হ’লে অন্তিম পাঁচোখন মেচ জয়ী হ’ব লাগিব।

কিন্তু ষ্টাৰ অলৰাউণ্ডাৰ ব্ৰেভোৰ অনুপস্থিতিত দলে অন্তিম মেচ কেইখনত জয়ী হোৱাটো কিছু কষ্টকৰ হ’ব বুলি ক্ৰিকেট বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।