NORTHEAST NOW (Assamese)
অসম

চলিত আই পি এলত খেলুৱৈ সকলক গীটাৰ শিকা আৰু তাচ খেলাৰ পৰামৰ্শ ব্ৰেট লীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 10:47 pm
চলিত আই পি এলত খেলুৱৈ সকলক গীটাৰ শিকা আৰু তাচ খেলাৰ পৰামৰ্শ ব্ৰেট লীৰ

ক’ৰ’না মহামাৰীৰ মাজতে য়ু এ ইত অনুষ্ঠিত কৰিব বিচৰা সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ সম্পৰ্কত মত প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ব্ৰেট লীয়ে।

ব্ৰেট লীয়ে আই পি এল ২০২০ৰ ‘বায়ো চিকিউৰ বাবল’ মানি চলাৰ ক্ষেত্ৰত খেলুৱৈ সকলে হোটেলৰ কক্ষত তাছ খেলাৰ লগতে গীটাৰ বজোৱা শিকিব লাগিব বুলি কয়।

এই স্পৰ্শকাতৰ সময়ত প্ৰতিগৰাকী খেলুৱৈ তথা ক্ৰিকেটৰ সৈতে জড়িত লোকে  নিয়ম অনুসৰি সঠিক কাম কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক হিচাপে অনিল কুম্বলেক দায়িত্ব দিয়া সম্পৰ্কতো মত ব্যক্ত কৰি ব্ৰেট লীয়ে কয় যে অনিল কুম্বলেৰ অভিজ্ঞতা আৰু ক্ৰিকেটীয় জ্ঞানে কলকাতা নাইট ৰাইডাৰ্ছক এইবাৰ আই পি এলত যথেষ্ট সহায় কৰিব।