NORTHEAST NOW (Assamese)
অসম

নিষেধাজ্ঞা প্ৰত্যাহাৰ, এতিয়াৰে পৰা ব্ৰিটিছ সেনাবাহিনীৰ সদস্যই ৰাখিব পাৰিব দাড়ি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2024 10:25 am

এইবাৰ ব্ৰিটেইনে দাড়িৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত ব্ৰিটিছ সেনাৰ জোৱান আৰু বিষয়াসকলে এতিয়া আৰু দাড়ি ৰখাত কোনো বাধা নাই। অৱশ্যে তেওঁলোকৰ দাড়ি আৰু গোঁফ পৰিস্কাৰ আৰু পৰিপাটিকৈ ৰাখিব লাগিব। এই বিষয়টো নিয়মীয়াকৈ নিৰীক্ষণ কৰা হ’ব।

এই অনুমতিৰ পিছতো কিছুমান বিশেষ অনুষ্ঠানত জোৱান আৰু বিষয়াসকলে দাড়ি কটাবলগীয়া হ’ব পাৰে বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। এই পৰিস্থিতিত তেওঁলোকক দাড়ি-চুলি কাটিবলৈ নিৰ্দেশ দিয়া হ’ব।

এই নীতি কাৰ্যকৰী কৰি ব্ৰিটিছ সেনাৰ নেতৃত্বই নতুন প্ৰজন্মক আকৰ্ষণ কৰাত সক্ষম হ’ব বুলি আশা কৰিছে। ব্ৰিটিছ বাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে এই বিষয়টোৰ ওপৰত কেইবাবছৰ ধৰি নীতি পুনৰীক্ষণৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃ ঘন্টাত ১৫৫.৮ কিলোমিটাৰ! অভিষেকতে IPLৰ দ্ৰুততম বল অখ্যাত ভাৰতীয় পেচাৰৰ, কোন এই মায়ংক যাদৱ?

ইয়াৰ পূৰ্বে ডেনমাৰ্ক, জাৰ্মানী, বেলজিয়াম আদি কিছুমান দেশৰ সেনাই সৈনিকক দাড়ি ৰখাৰ অনুমতি দিছিল।

নতুন নীতি ঘোষণাৰ পূৰ্বে ব্ৰিটিছ সেনাই শিখ, মুছলমান আৰু ৰাষ্টাফাৰিয়ান আদি কিছুমান ধৰ্মৰ সৈন্যক দাড়ি ৰখাৰ অনুমতি দিছিল। যদিহে তেওঁলোকৰ কাৰ্য্যক্ষমতা, স্বাস্থ্য বা সুৰক্ষা বিপন্ন নহয় তেনে চৰ্ততহে দাড়ি ৰখাৰ অনুমতি দিয়া হৈছিল।