NORTHEAST NOW (Assamese)
Popular Stories

৮ নৱজাতকক হত্যা কৰি গ্ৰেপ্তাৰ এগৰাকী নাৰ্ছ : অন্য ১০ নৱজাতকক হত্যাৰ পৰিকল্পনা কৰাৰ দাবী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 8:25 am
baby-generic_625x300_1529330292820

কিমান নিৰ্দয় হ’লে এগৰাকী নাৰীয়ে ইটোৰ পিছত সিটোকৈ একেলেঠাৰী ৮ টাকৈ নৱজাতকক হত্যা কৰিব পাৰে! সেয়া ধাৰণা কৰাতো সাধাৰণ মানুহৰ বাবে হয়তো কল্পনাৰো অগোচৰ।

অবিশ্বাস্য হ’লেও তেনে এক অতি নিৰ্দয় আৰু নৃসংশ কাণ্ড সংঘটিত কৰি আহিছে এগৰাকী নাৰ্ছে।

হয়, নাৰ্ছ গৰাকীয়ে এটি দুটি নহয় ৮ টিকৈ নৱজাতকক হত্যা কৰি আহিছিল। আনহাতে নাৰ্ছ গৰাকীয়ে আন ১০ টি শিশুক হত্যাৰ কৰাৰ পৰিকল্পনা কৰিছিল বুলি দাবী কৰিছে আৰক্ষীয়ে।

ঘটনাটো সংঘটিত হৈছে গ্ৰেইট ব্ৰিটেইনৰ ইংলেণ্ডৰ দক্ষিণপূৱত অৱস্থিত চেইষ্টাৰ চহৰত।

যোৱা বুধবাৰে এই ছিৰিয়েল নৱজাতক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত শ্বেচায়াৰ আৰক্ষীয়ে ৩০ বছৰীয়া লুচী লেটবে নামৰ নাৰ্ছ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

ব্ৰিটিছ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে মংগলবাৰে নাৰ্ছ গৰাকীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰা হয় আৰু ইয়াৰ পিছতে বুধবাৰে অভিযুক্ত নাৰ্ছ গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে নাৰ্ছ গৰাকী কৰ্মৰত চেইষ্টাৰৰ এখন হাস্পতালত যোৱা ২০১৫ৰ জুনৰ পৰা ২০১৬ বৰ্ষৰ জুলনৈ জন্ম হোৱাৰ পিছতে সুস্থ হৈ থকা ইটোৰ পিছত সিটোকৈ ৮ টা নৱজাতকৰ মৃত্যু হৈছিল।

বৃহস্পতিবাৰে অভিযুক্ত নাৰ্ছ গৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে নাৰ্ছ গৰাকীক ২০১৮ আৰু ২০১৯ চনতো গ্ৰেপ্তাৰ কৰা হৈছিল যদিও গোচৰ পঞ্জীয়ন নোহোৱাৰ বাবে মুকলি কৰি দিবলৈ বাধ্য হৈছিল প্ৰকাশ কৰিছে আৰক্ষীয়ে।