NORTHEAST NOW (Assamese)

কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

August 11, 2022 4:46 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
অভিভাৱকে উদ্ধাৰৰ কৰাৰ পিছত দালালে কাম দিয়াৰ নামত নি কাশ্মীৰত বিক্ৰী কৰা বিশ্বনাথৰ যুৱক হৰি। ফটো: নৰ্থইষ্ট নাও।

শিশু সৰবৰাহকাৰী নহয়, বিশ্বনাথত এইবাৰ ওলাইছে প্ৰাপ্তবয়স্ক যুৱকক বহি:ৰাজ্যত বিক্ৰী কৰা চক্ৰ। আৰ্থিক সমস্যাৰ সমাধান কৰাৰ কথা কৈ বহি:ৰাজ্যত যুৱকক কাম দিয়াৰ নামত কাশ্মীৰৰ দৰে স্থানত বিক্ৰী কৰাৰ এক ঘটনা বিশ্বনাথত পোহৰলৈ আহিছে।

বিহালীৰ হৰি নামৰ যুৱকজনে তেওঁৰ পাঁচ বছৰ বয়সৰ পৰাই বিশ্বনাথৰ প্ৰদ্যুত শৰ্মাৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল। লগতে বিশ্বনাথ নগৰতে প্ৰদ্যুত শৰ্মাৰ কাপোৰৰ দোকান চোৱা চিতা কৰিছিল যুৱকজনে।

লগতে পঢ়ক: প্ৰেমক কেন্দ্ৰ কৰি কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ: দুগৰাকী ব্যক্তিৰ মৃত্যু

দোকানতে থাকি বন্ধুৰ সংগত পৰি হৰিয়ে বাংগালোৰত কাম কৰি অধিক টকা ঘটাৰ মন মেলিলে। ভবা মতেই কাম। হৰিয়ে বিহালীস্থিত নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ বুলি যোৱাৰ চলেৰে বন্ধুৰ লগত ৰে’ল যোগে বিশ্বনাথৰ পৰা ওলাই গ’ল বাংগালোৰ বুলি। কিন্তু দালালে নিলে কাশ্মীৰলৈহে।

হৰি আৰু তেওঁৰ বন্ধুক দালালে কাশ্মীৰত নি চমজাই দিলে এটা এন জি অ’ক। তাৰ পিছতে হৰি আৰু বন্ধুক এন জি অ’ কৰ্তৃপক্ষই আন স্থানত ৰাখি এটা গুডামত কামত লগালে আৰু গুডামৰ ভিতৰতে খোৱা বোৱা সকলো ব্যৱস্থা প্ৰদান কৰি গৃহবন্দী কৰি দিলে এন জি অ’ কৰ্তৃপক্ষই।

সুযোগ বুজি হৰিয়ে নিজৰ ম’বাইল ফোনৰে বিশ্বনাথৰ প্ৰদ্যুত শৰ্মাক এই সমস্ত বিষয় সন্দৰ্ভত অৱগত কৰিলে। সেই মতে প্ৰদ্যুত শৰ্মাই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে যদিও বিশ্বনাথ আৰক্ষীৰ পৰা নাপালে কোনো সদুত্তৰ।

লগতে পঢ়ক: অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

অৱশেষত উপায়ান্তৰ হৈ হৰিয়ে বিশ্বনাথৰ প্ৰদ্যুত শৰ্মাক হৰি থকা এন জি অ’ৰ ম’বাইল নম্বৰ প্ৰদান কৰে। ইফালে প্ৰদ্যুত শৰ্মাই কাশ্মীৰৰ এন জি অ’ কৰ্তৃপক্ষৰ লগত ম’বাইল যোগে বাৰ্তালাপ কৰাতহে কাশ্মীৰৰ এন জি অ’ কৰ্তৃপক্ষই প্ৰদ্যুতক জানিব দিয়ে যে দালালে ২৪ হাজাৰ টকাৰ বিনিময়ত হৰিক উক্ত এন জি অ’ক বিক্ৰী কৰিছে। গতিকে ‘আমাৰ ২৪ হাজাৰ টকা ওভতাই দিয়ক, আমি হৰিক আপোনাক ওভতাই দিম’ বুলি কয়।

ইপিনে, বাধ্যত পৰি বিশ্বনাথৰ প্ৰদ্যুত শৰ্মাই এন জি অ’টোৰ বেংক একাউন্টত ২৪ হাজাৰ টকা প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত হৰিক উক্ত এন জি অ’ই ওভতাই পঠিয়ায়। বিশ্বনাথলৈ উভতি আহিয়ে হৰিয়ে কেমেৰাৰ আগত প্ৰদান কৰে এই বিস্ফোৰক বক্তৱ্য।

লগতে পঢ়ক: বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

এইদৰেই একাংশ নিবনুবা যুৱকক আৰ্থিক অবস্থাৰ সুবিধা গ্ৰহণ কৰি একাংশ দালালে বিক্ৰী কৰি আহিছে বহি:ৰাজ্যত। এনে দালালৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কেতিয়া ব্যবস্থা গ্ৰহণ কৰিব সেইয়াহে লক্ষ্যণীয় হ’ব।

Related News