NORTHEAST NOW (Assamese)
অটো

BSA Goldstar 650-ৰ স্ক্ৰেম্বলাৰ অৱতাৰ B65 Scrambler মুকলি, ভাৰতলৈ আহিবনে এই বাইক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2024 2:23 pm

শেহতীয়াকৈ স্ক্ৰেম্বলাৰ বাইকৰ প্ৰতি ক্ৰেতাৰ আগ্ৰহ বৃদ্ধি পাইছে। যিটো দেখি বি এছ এ-ই নতুন আগ্ৰহেৰে বজাৰত নামিছে। ব্ৰিটিছ কোম্পানীটোৱে এই ছেগমেণ্টত এখন নতুন মটৰ চাইকেল মুকলি কৰিছে। এইখন হৈছে B65 Scrambler।

বাৰ্মিংহামত চলি থকা মটৰ চাইকেল লাইভ শ্ব’ৰ মঞ্চত এই মডেলটোৰ পৰা পৰ্দা আঁতৰাই দিয়া হৈছে। উল্লেখ্য যে এইখন কোম্পানীটোৰ আটাইতকৈ জনপ্ৰিয় বাইক বি এছ এ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি অনা হৈছে।

অনুমান কৰা হৈছে যে অহা বছৰ এই বাইক ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব। আচলতে ই গোল্ডষ্টাৰৰ আন এটা ৰূপ। ডিজাইনৰ ক্ষেত্ৰত ইয়াত গ্ৰীলৰ সৈতে সৰু হেডলেম্প আৰু হাই-ছেট ফ্ৰন্ট ফেণ্ডাৰ আছে। ইয়াৰ উপৰিও এই বাইকখনক বাৰ এণ্ড মিৰ’ৰ আৰু ব্ৰেচৰ সৈতে বহল হেণ্ডেলবাৰ দিয়া হৈছে। আকৌ চাইড পেনেলত নম্বৰ প্লেট এখন আছে। ৰয়েল এনফিল্ড বিয়াৰ ৬৫০ত থকাৰ দৰে।

লগতে পঢ়কঃ নতুন দিগন্ত মুকলি! ইলন মাস্কৰ স্পেচএক্সৰ পৰা ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

বিএছএ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত বি৬৫ স্ক্ৰেম্বলাৰত আছে ৰিবড পেটাৰ্ণ ফ্লেট চিট। বিএছএ-ই এই বাইকখন দুটা ৰঙৰ বিকল্পত উপলব্ধ কৰিছে – বগা আৰু হালধীয়া/গ্ৰে। হাৰ্ডৱেৰত আছে ১৯-১৭ ইঞ্চিৰ স্পক হুইলৰ লগতে পিৰেলি স্কোৰ্পিয়ন ৰেলী এছটিআৰ টায়াৰ। আনহাতে ইয়াৰ আসনৰ উচ্চতা গোল্ডষ্টাৰতকৈ ৪০ মিলিমিটাৰ বেছি।

বিএছএ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বি৬৫ স্ক্ৰেম্বলাৰত ৬৫২ চিচি, একক চিলিণ্ডাৰ, লিকুইড কুল ইঞ্জিন আছে। ইয়াৰ সৰ্বোচ্চ শক্তি ৪৫.৬ বিএইচপি আৰু ৫৫ এনএম টৰ্ক উৎপাদন কৰিব। মটৰটো ৫ স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে। অহা বছৰ ভাৰতৰ বজাৰত মুকলি হ’লে গোল্ডষ্টাৰ ৬৫০তকৈ ইয়াৰ মূল্য অলপ বেছি হ’ব পাৰে। বজাৰত ইয়াৰ প্ৰতিদ্বন্দ্বী হৈছে ৰয়েল এনফিল্ড বিয়াৰ ৬৫০।