NORTHEAST NOW (Assamese)
দেশ

নিজ কন্যাৰ অশ্লীল ভিডিঅ’ৰ প্ৰচাৰৰ বিৰোধিতা কৰাৰ বাবেই বি এছ এফ জোৱানক মৰিয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2022 8:57 pm
BSF jawan beaten to death

প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত নৃশংস হত্যাৰ বলি হৈছে দেশৰ নিৰাপত্তাত নিয়োজিত এগৰাকী সেনা জোৱান।

নিজ কন্যাৰ অশ্লীল ভিডিঅ’ৰ প্ৰচাৰৰ বিৰোধিতা কৰাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে এগৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানক। ৰাজ্যখনৰ নাদিয়াদ জিলাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি, মেলজিভাই বাঘেলা নামৰ বি এছ এফ- ৰ জোৱানগৰাকীয়ে এগৰাকী কিশোৰৰ বিৰুদ্ধে তেওঁৰ কন্যাৰ এক অশ্লীল ভিডিঅ’ অনলাইনত প্ৰচাৰ কৰাৰ পৰিয়ালৰ ওচৰত অভিযোগ কৰে।

সেইসময়ত বাঘেলাৰ লগত পত্নী আৰু পুত্ৰও অভিযুক্ত কিশোৰীগৰাকীৰ ঘৰত উপস্থিত আছিল। কিন্তু অভিযুক্তৰ ল’ৰাটোৰ পৰিয়ালৰ লোকে অভিযোগ অস্বীকাৰ কৰি বাঘেলাৰ পৰিয়ালক অপদস্থ কৰে।

জোৱান মেলজিভাই বাঘেলাই এই কথাত আপত্তি কৰাত অভিযুক্তৰ পৰিয়ালে লাঠি আৰু চোকা অস্ত্ৰৰে বাঘেলাৰ লগতে তেওঁৰ পুত্ৰক আক্ৰমণ কৰে।

এই বৰ্বৰ আক্ৰমণত বি এছ এফ জোৱানগৰাকীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পুত্ৰই মূৰত আঘাত পায়। আঘাতপ্ৰাপ্ত কিশোৰগৰাকীক বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এই নৃশংস কাণ্ডৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩০৭, ৩২২, ৫০৪, ১৪৩, ১৪৭ আৰু ১৪৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।