NORTHEAST NOW (Assamese)
অসম

বাংলাদেশলৈ চোৰাং সৰবৰাহৰ চেষ্টাঃ মানকাছাৰত ৬.৪ টন চেনি জব্দ বি এছ এফৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2024 9:07 pm
BSF

দক্ষিণ শালমৰা-মানকাছাৰ জিলাত আজি এক বৃহৎ চোৰাং সৰবৰাহৰ প্ৰচেষ্টা বিফল কৰে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফে।

মানকাছাৰৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা ৬.৪ টন চেনি বি এছ এফে জব্দ কৰিছে।

ব্ৰহ্মপুত্ৰ নদীৰ কাষত নিয়মীয়া নাও টহলৰ সময়ত বিএছএফৰ ৪৫ তম বেটেলিয়নৰ সৈন্যই জব্দ কৰে বৃ্হৎ পৰিমাণৰ চেনিখিনি।

জব্দকৃত চেনিখিনিৰ মূল্য প্ৰায় ২.৫৬ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি সম্ভাৱ্য চোৰাং সৰবৰাহ সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিল।

এই তথ্যৰ ভিত্তিত অভিযান চলাই বি এছ এফৰ টহলদাৰী দলে চেনিৰ বস্তা ভৰ্তি নাওখন আটক কৰে।

জব্দ কৰা বৃ্হৎ পৰিমাণৰ চেনিখিনি অধিক আইনী প্ৰক্ৰিয়াৰ বাবে শুল্ক কাৰ্যালয়ত গতাই দিয়া হৈছে।