NORTHEAST NOW (Assamese)
দেশ

ভাৰত-বাংলাদেশ সীমান্তত ১২ কোটি টকাৰ ড্ৰাগছ জব্দ BSFৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2023 4:57 pm
drugs seized

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে এক বৃহৎ সাফল্য লাভ কৰিছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ। পশ্চিম বংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহস্পতিবাৰে BSF- এ ১২ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰে।

এক গোপন সূত্ৰৰ পম খেদি উত্তৰ বংগ সীমান্তৰ হিলিৰ ব’ৰ্ডাৰ আউটপোষ্টৰ ৬১ বেটেলিয়ন সীমান্ত সুৰক্ষা বাহিনী আৰু ১৫১ বেটেলিয়ন সীমান্ত সুৰক্ষা বাহিনীৰ সৈন্যই শুল্ক বিষয়াৰ সৈতে যৌথ অভিযান চলাই অঞ্চলটোত ৰখাই থোৱা এখন ট্ৰাকত তালাচী চলায়।

পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ পিছত তেওঁলোকে ট্ৰাক চালকৰ কেবিনত এটা ক’লা প্লাষ্টিকৰ কেৰী বেগ উদ্ধাৰ কৰে। এই বেগটোত উদ্ধাৰ হয় ৪৯ লাখ টকাৰ ইয়াবা টেবলেট আৰু ১১ কোটিৰো অধিক মূল্যৰ ৩২১ গ্ৰাম হেৰ’ইন থকা সৰু পেকেট।

ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ বাবে নিষিদ্ধ সামগ্ৰীখিনি ট্ৰাকৰ ভিতৰত ৰাখিছিল বুলি জানিব পৰা গৈছে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ পিছতে অভিযানকাৰী দলটোৱে ট্ৰাকখনো জব্দ কৰে।

জব্দকৃত ট্ৰাকখন আকাশ মণ্ডল আৰু বাবলু ওৰাউ নামৰ দুগৰাকী ব্যক্তিৰ মালিকানাধীন বুলি জানিব পৰা হৈছে। ইফালে জব্দ কৰা নিষিদ্ধ সামগ্ৰীসমূহৰ আন্ত:ৰাষ্ট্ৰীয় চোৱাৰ বজাৰত মুঠ মূল্য ১২.৩৭ কোটি টকাতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে।