NORTHEAST NOW (Assamese)
প্ৰযুক্তি

BSNL এ লৈ আনিছে বাম্পাৰ অফাৰ : জানো আহক অফাৰৰ সবিশেষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2025 4:32 pm

আন আন টেলিকম কোম্পানীতকৈ বহু পিছ পৰি আছে বি এছ এন এল। বি এছ এন এলৰ গ্ৰাহকৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। যাৰ ফলত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ কোম্পানীটোৱে লৈ আনিছে বাম্পাৰ অফাৰ।

বি এছ এন এলে তেওঁলোকৰ নতুন পৰিকল্পনাৰ অধীনত ৬ মাহৰ অফাৰ লৈ আহিছে। ৰিচাৰ্জৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ। ইয়াত কম টকাত আনলিমিটেড কলিং ডাটা পোৱাই নহয়, ইয়াৰ আন সুবিধাও আছে।

এতিয়াৰ পৰা এই চৰকাৰী কোম্পানীটোৱে ৭৫০ টকীয়া ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰিছে। এই ৰিচাৰ্জৰ ম্যাদ ৬ মাহলৈকে থাকিব। ৰিচাৰ্জ কৰিবলৈ পাহৰিলেও অতিৰিক্ত ৭ দিনৰ সুবিধা পাব এই প্লেনত।

এই ৰিচাৰ্জ কৰিলে আপুনি ৬ মাহত ১৮০ জিবি ডাটা পাব। প্ৰতিদিনে পাব ১ জিবিকৈ ডাটা। যদিও আপুনি ১ জিবি ডাটা ব্যৱহাৰ কৰি শেষ কৰে তথাপিও আপুনি প্ৰতিদিনে অতিৰিক্ত ডাটা পাব। ইয়াৰ ডাটা স্পীড হব ৪০ কেবিপিএছ।

উল্লেখ্য যে দেশত বিভিন্ন স্তৰত বি এছ এন এলৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে। ফলত এতিয়া নতুন অফাৰ নিদিলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই কোম্পানীটো। সেয়েহে বি এছ এন এলে আৰু নতুন নতুন অফাৰ লৈ অহাৰো সম্ভাৱনা আছে।