NORTHEAST NOW (Assamese)

BSNL-ৰ গ্ৰাহকৰ বাবে সুখবৰ; ছয় ৰাজ্যত মুকলি কৰিলে এয়াৰ ফাইবাৰ

February 15, 2020 8:39 pm · এন ই নাও নিউজ
Updated: February 16, 2020 7:07 pm

ভাৰত চৰকাৰৰ টেলিকম সেৱা প্ৰতিষ্ঠান বি এছ এন এলে দেশত সম্প্ৰসাৰিত কৰিব এয়াৰ ফাইবাৰ সেৱা। প্ৰতিষ্ঠানটোৱে দেশৰ ছয়খন ৰাজ্যত মুকলি কৰিছে এই সেৱা।

বিহাৰ, তামিলনাডু, কৰ্ণাটক, হাৰিয়ানা আৰু তেলেংগানাত মুকলি কৰিছে এয়াৰ ফাইবাৰ সেৱা।

এই সেৱা প্ৰধানতঃ গ্ৰাম্যাঞ্চলৰ গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা হৈছে বুলি জনাইছে টেলিকম সেৱাৰ প্ৰতিষ্ঠানটোৱে।

ইয়াৰ ফলত বি এছ এন এলৰ গ্ৰাহকসকলৰ ইন্টাৰনেট সেৱাৰ স্পীড বৃদ্ধি পাব।

উল্লেখ্য যে, কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই সেৱা যোৱা জানুৱাৰি মাহত মুকিল কৰিছিল।

‘এই আঁচনিৰ জৰিয়তে কল আৰু ইন্টাৰনেট যোগাযোগ সহজলভ্য কৰি তোলা হ’ব।’ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ পৰিচালন সঞ্চালক পুৰ্ৱাৰে এইদৰে কয়।

এই আঁচিনৰ জৰিয়তে ২.৫ লাখ গাঁও পঞ্চায়তক সাঙুৰি লোৱা হ’ব।

‘ভাৰত ফাইবাৰ প্লেন’ নামেৰে ঘোষিত এই আঁচিনয়ে অন্যান্য ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানৰ সৈতে প্ৰতিযোগিতাত নামিব বুলি আশা প্ৰকাশ কৰিছে বি এছ এন এলে।

কি আছে বি এছ এন এল ভাৰত ফাইবাৰ প্লেনতঃ-

এই সেৱা গ্ৰাহকসকলে লাভ কৰিব ব্ৰডব্ৰেণ্ডৰ যোগে।

এই আঁচিনৰ ভাউচাৰসমূহ হৈছে এনেধৰণৰ- ৪৯৯ টকা, ৭৭৭ টকা, ১,২৭৭ টকা, ১,৯৯৯ টকা, ৩,৯৯৯ টকা, ৫,৯৯৯ টকা আৰু ১৬,৯৯৯ টকা।

ইয়াৰে প্ৰথম ৪৯৯ টকাৰ ভাউচাৰ ২০ এমবিপিএছ স্পডীত ১০০ জিবি দাটা লাভ কৰিব প্ৰতি মাহে। ৭৭৭ টকাৰ ভাউচাৰত ছমাহৰ বাবে ৫০ এমবিপিএছ স্পীডত ৫০০ জিবি দাটাৰ লাভ কৰা বিপৰীতে ১,২৭৭ টকাৰ ভাউচাৰত লাভ কৰিব ১০০ এমবিপিএছ স্পীডত ৭৫০ জিবি দাটা।

আনহাতে ১,৯৯৯ টকাৰ ভাউচাৰত প্ৰতি দিনে ৩ জিবিকৈ দাটা লাভ কৰিব ৩৬৫ দিনৰ বাবে।

 অৱশ্যে ভাউচাৰসমূহ অমাজন প্ৰাইমত এতিয়াও চাছক্ৰাইব নিশ্চিত কৰা হোৱা নাই।

আনহাতে ৯৯৯ টকীয়া ভাউচাৰত ২২০ দিনৰ পৰিৱৰ্তে ২৭০ দিনৰ বৈধতাৰ লগতে গ্ৰাহকে ২৫০ মিনিট ভইচ কলৰ সুবিধা লাভ কৰিব। এই ভাউচাৰ বিশেষকৈ ভইচ কলৰ বাবে ডিজাইন কৰাৰ বাবে কোনো দাটা দিয়া হোৱা নাই বুলি প্ৰতিষ্ঠানটোৱে জনাইছে।

Related News