NORTHEAST NOW (Assamese)

BSNLৰ দুৰ্দান্ত অফাৰ! মাত্ৰ ৩৯৮টকাত আনলিমিটেড ডাটা, ভইচ কলৰ সুবিধা

January 10, 2021 9:26 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছএনএলে এইবাৰ নতুন এক দুৰ্দান্ত প্লেন লৈ আহিছে। বিএছএনএলে ৩৯৮টকাৰ নতুন আকৰ্ষণীয় প্ৰিপেইড প্লেন মুকলি কৰিছে।

চৰকাৰী এই টেলিকম সংস্থাটোৱে নতুন প্ৰিপেইড ৰিচাৰ্জ পেকটোত গ্ৰাহকসকলক আনলিমিটেড ডাটা আৰু আনলিমিটেড ভইচ কলৰ অফাৰ আগবঢ়াইছে।

ইয়াত আনলমিটিড কলৰ অৰ্থ হ’ল ফেয়াৰ য়ুজেছ পলিচি (FUP)অবিহনেই ভইচ কলৰ মিনিট লাভ। এতিয়াৰে পৰা বিএছএনএলৰ গ্ৰাহকসকলেও FUP অবিহনেই আনলিমিটেড ডাউনলোড, আপলোড আৰু ভইচ কল কৰিব পাৰিব।

জানিব পৰা মতে, ৩৯৮টকাৰ প্ৰিপেইড প্লেনত গ্ৰাহকসকলক আনলিমিটেড ডাটা আৰু ভইচ কল মিনিটৰ অফাৰ কৰা হ’ব। এই প্লেনৰ ম্যাদ হ’ব ৩০দিন।

এই প্লেনৰ আকৰ্ষণীয় দিশ এটা হৈছে ভইচ কল আৰু ডাটা বেনিফিটৰ বাহিৰেও বিএছএনএলৰ গ্ৰাহকসকলে প্ৰতিদিনে ১০০টা বিনামূলীয়া এছএমএছ পঠিয়াব পাৰিব।

তদুপৰি, ৰোমিঙৰ সময়তো আনলিমিটেড কলিং আৰু এছএমএছৰ সুবিধা পাব।

২০২১ৰ ১০ জানুৱাৰিৰ পৰাই বিএছএনএলৰ গ্ৰাহকসকলে ৩৯৮টকাৰ এই ৰিচাৰ্জ প্লেন ব্যৱহাৰ কৰিব পাৰিব।

Related News