NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত প্ৰগতি ভৱন বহুমুখী সমূহীয়া কক্ষৰ আধাৰশিলা স্থাপন

November 28, 2018 7:44 pm
IMG-20181128-WA0008

বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ (বিটিচি) প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি ২৮ নৱেম্বৰ বুধবাৰে প্ৰগতি ভৱন সমূহীয়া কক্ষ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কোকৰাঝাৰ চহৰত স্থাপিত এই সমূহীয়া কেন্দ্ৰটোৰ সৈতে এটা বহু মহলীয়া পাৰ্কিং প্লেছ থাকিব।

গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে ৩মহলীয়া এই ভৱনটো মুঠ ৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। উক্ত ধনৰাশিৰ ৩.৫০ কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু বাকী ৪.৫০ কোটি টকা বড়ো চুক্তি বাস্তৱায়নৰ (Implementation of Bodo Accord) চমুকৈ IBA) অন্তৰ্গত পুঁজিৰ ধনখিনি কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব।

উল্লেখ্য যে কোকৰাঝাৰ পৌৰ ব’ৰ্ডে প্ৰগতি ভৱন উন্নীতকৰণৰ এই অভিলাসী প্ৰকল্পটোৰ কাম হাতত লৈছে।