NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 4, 2025 6:48 pm

সমাগত বিটিআৰৰ নিৰ্বাচন। চলিত বৰ্ষতেই অনুস্থিত হ’ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে  বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, চমুকৈ বিপিএফ-এ।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

প্ৰথম পৰ্যায়ত মুঠ ২২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে। প্ৰথম পৰ্যায়ত বিটিচিৰ মূল সমষ্টিসমূহ সামৰি লোৱা হৈছে।

এই প্ৰাৰ্থীৰ তালিকাত নাম আছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ। দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

তলত বিপিএফ-এ প্ৰকাশ কৰা তালিকাখন দিয়া হ’ল –

১)পৰ্বতঝোৰা – মুন মুন ব্ৰহ্ম
২) গুমা – অন্তাজ আলী
৩) শ্ৰীৰামপুৰ – মুক্লেশ্বৰ আহমেদ
৪) চৰাইবিল – মৃত্যুঞ্জয় নাৰ্জাৰী
৫) জামদুৱাৰ – উইলিয়াম নাৰ্জাৰী
৬) দেবৰগাঁও – হাগ্ৰামা মহিলাৰী
৭) দোৎমা – প্ৰকাশ বসুমতাৰী
৮) কচুগাঁও – ৰবিৰাম নাৰ্জাৰী
৯) বাওখুংৰি – ধনেশ্বৰ গৌৰী
১০) ছালাকাটি – দেৰহাসত বসুমতাৰী
১১) নিচিমা – জেমছ বসুমতাৰী
১২) কাজলগাঁও – পানীৰাম ব্ৰহ্ম
১৩) ১৩ চিৰাং – চুকুৰসিং মুচাহাৰী
১৪) চবাইঝাৰ – ধীৰাজ বৰগোয়াৰী
১৫) মথাংগুৰি – বেগম আখতাৰা আহমেদ
১৬) দিহিৰা – অগাষ্টুছ টিগ্গা
১৭) দৰংগাজুলি – ইমানুৱেল মুচাহাৰী
১৮) গোৰেশ্বৰ – মহেশ্বৰ বসুমতাৰী
১৯) চোক্লাই চেৰফাং – গণেশ কছাৰী
২০) খৈৰাবাৰী – লৱমছৰাও দৈমাৰী
২১) ধ্বনশিৰি – ফ্ৰেছ মুছাহাৰী
২২) ভৈৰবকুণ্ড – ৰিহন দৈমাৰী