NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না আতংক : বি টি চিত কিদৰে চলাব জনবহুল নিৰ্বাচনী প্ৰচাৰ সভা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 15, 2020 8:22 pm
ৱ

বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ আতংকই এতিয়া অসমতো আতংকৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে সজাগতা চলাই আহিছে যদিও এতিয়া জনসাধাৰণে কিদৰে সজাগতা অৱলম্বন কৰিব সেয়া হৈ পৰিছে লক্ষণীয়।

এই ক’ৰ’নাৰ আতংকৰ মাজতে সমাগত বিটিচি নিৰ্বাচন। ইতিমধ্যে বি পি এফ, য়ু পি পি এল, গণ সুৰক্ষা পাৰ্টি, বিজেপি, কংগ্ৰেছে ইতিমধ্যে প্ৰচাৰ চলাই আছে।

নিৰ্বাচনলৈ মাজত মাথোঁ ২০ টা দিন, সেয়েহে প্ৰত্যেক ৰাজনৈতিক দলৰ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিটিচিৰ প্ৰধান ৰাজনৈতিক দল সমূহৰ মাজত এতিয়া নিৰ্বাচনী সভালৈ মানুহ অনাৰ প্ৰতিযোগিতা চলিছে। নেতাৰ ভাষণ শুনিবলৈ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ জন সমূদ্ৰত পৰিণত হয়।

এইখিনিতে এটা কথা ক’ব লাগিব যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই ৩১ মাৰ্চলৈ কোনোধৰণৰ সভা সমিতিত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে লগতে ৰাজ্য চৰকাৰৰ সকলো অনুষ্ঠান ইতিমধ্যে বাতিল কৰিছে।

আনকি শেহতীয়াকৈ কাইলৈৰ পৰা ২৯ মাৰ্চলৈকে স্কুল, কলেজ, বিশ্ব বিদ্যালয়কে ধৰি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান, চিনেমা হল, চুইমিং পুল বন্ধ ৰখাৰ নিৰ্দেশ দিছে। জন সমাবেশ যাতে বেছিকৈ নহয় বা সেই জন সমাবেশৰ পৰা অত্যাধিক ৰূপত যাতে ক’ৰ’নাৰ সংক্ৰমন নহয় তাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে।

তেনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় বিটিচি নিৰ্বাচনী প্ৰচাৰত কেনেকৈ নিয়ন্ত্ৰণ কৰিব জন সমাবেশ?

আজি ৰাজ্য চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই সম্বোধন কৰা সংবাদমেলত তেওঁক এই প্ৰশ্ন সোধোতে উত্তৰত তেওঁ কয়, ‘এইটো আমি ক’ব নোৱাৰিম, ৰাইজ সজাগ হ’ব লাগিব’।

প্ৰশ্ন হয় “বিটিচি ৰাইজৰ মাজত সেই সজাগতা আহিছে নে? সেই সজাগতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিটিচি ৰাইজে কোনো দলৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ নকৰিব নেকি? নে ৰাজ্য চৰকাৰে সৃষ্টি কৰা সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজনৈতিক দলৰে নেতৃত্বই বাতিল কৰিব তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ সভা? সেয়া সময়ত লক্ষণীয় হ’ব।