NORTHEAST NOW (Assamese)
অসম

BTC Office পুৱা ১০ বজাৰ পিছত অহা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিলে প্ৰমোদ বড়োই

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ December 7, 2021 3:55 pm
BTC Office পুৱা ১০ বজাৰ পিছত অহা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিলে প্ৰমোদ বড়োই

বিটিচিৰ একাংশ সময়ৰ জ্ঞান নথকা কৰ্মচাৰীৰ বাবে যেন আজিৰ দিনটো বৰ শুভ নাছিল।

বিটিচিত পুৱা ১০ বজাৰ পিছত অহা কৰ্মচাৰীসকল বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে সচিবালয়ৰ গেট বন্ধ কৰি প্ৰৱেশত বাধা দিয়ে |

একাংশ কৰ্মচাৰীৰ সময়ৰ জ্ঞান নথকাৰ কথাত ক্ষুব্ধ হৈ পৰা বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে বডোলেণ্ড সচিবালয়ত এতিয়া কেৱল চলিছে অনিয়ম ।

বি টি চিৰ সকলো বিষয়া- কৰ্মচাৰীয়ে পুৱা দহ বজাত কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে।

তেওঁ লগতে কয় যে কৰ্মচাৰীসকলে সন্ধিয়া পাঁচ বজাত কৰ্মস্থলী এৰিব পাৰিব । সময়ত হব লাগিব সকলো ফাইলৰ কামকাজ।

সময়ত অনুপস্থিত থাকিলে কৰ্মচাৰী , বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও প্ৰমোদ বড়োৱে সতৰ্কবাণী শুনায়। পুৱা দহ বজাৰ পিছত অহা বিষয়া- কৰ্মচাৰীক সচিবালয় অৰ্থাৎ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰমোদ বড়োই স্পষ্ট কৰি দিয়ে |

আজি এই অভিযানৰ অংশ বিশেষ হিচাবে পুৱা ১০ বজাৰ পিছত অহা কৰ্মচাৰীসকলক বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে সচিবালয়ৰ গেট বন্ধ কৰি প্ৰৱেশত বাধা দিয়ে |