NORTHEAST NOW (Assamese)
অসম

ক’ভিদসৃষ্ট পৰিৱেশৰ মাজতে কোকৰাঝাৰত বিটিআৰৰ দ্বিতীয় চুক্তি দিৱস

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ January 27, 2022 11:09 am
BTR celebrates 2nd treaty day in Kokrajhar

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগ্ৰামী সংগঠনৰে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত বিগত ২০২০ চনৰ ২৭ জানুবাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি৷

এই উপলক্ষে আজি কোকৰাঝাৰ চহৰৰ বড়োফা নৌগৰস্থিত বিটিচি সচিবালয়ৰ চৌহদত ৰাতিপূৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা আৰু শান্তিৰ বগা পতাকা উত্তোলণৰে শুভাৰম্ভ কৰে বিটিআৰ প্ৰমূখ প্ৰমোদ বড়োৱে৷

ইয়াৰ পূৰ্বে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে পূৱাই কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলংগাপুৰীত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিসোধত পুষ্পাৰ্ঘ ও মাল্যাৰ্পণ কৰাৰ লগতে ভাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে৷

ইপিনে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই কেন্দ্ৰীয় ভাৱে বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষ বানিজ্য মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰে৷

এবছুই সাংগঠনিক পতাকা উত্তোলণ,শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে দ্বিতীয় বিটিআৰ চুক্তি দিৱস উদযাপন কৰে৷

অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো সহ বহু বিশিষ্ট ব্যক্তি,জেষ্ঠ্য নাগৰিক উপস্থিত থাকে৷