NORTHEAST NOW (Assamese)
Popular Stories

২০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2019 7:19 pm
Bulbul-Can-Sing-1140x570

অহা ২০ ছেপ্টেম্বৰত (শুকুৰবাৰ) অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ৰীমা দাসৰ উচ্চ-প্ৰসংশিত চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’।

‘আমি অহা ২০ ছেপ্টেম্বৰত অসমত আপোনাৰ কাষৰ ছবিগৃহলৈ আমি আহি আছো, আপোনালোকৰ মৰম আৰু আশিৰ্বাদ লাগে’ আজি এক ফে’চবুক পষ্টত ৰীমা দাসে কয়।

অহা ২৭ ছেপ্টেম্বৰৰ পৰা দেশৰ PVR সমূহত ছবিখন মুক্তি পাব বুলিও তেওঁ পষ্টটোত উল্লেখ কৰে।

উল্লেখযোগ্য যে যোৱা ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বুলবুল কেন চিঙে অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰিছিল।।

অসমৰ গাঁও এখনৰ এগৰাকী কিশোৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা বুলবুল কেন ছিং ছবিখনৰ চিত্ৰনাট্য, কাহিনী আৰু নিৰ্দেশনা হৈছে ৰীমা দাসৰ। ছবিখনত অভিনয় কৰিছে পাকিজা বেগম, অৰ্ণালী দাস, মানবেন্দ্ৰ দাস, মনোৰঞ্জন দাস আৰু বনিতা ঠাকুৰীয়াই।

ভিলেজ ৰকষ্টাৰ্ছৰ সীমাহীন সফলতাৰ পিছত ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত বুলবুল কেন ছিং ছবিখনেও ইতিমধ্যে ৰাষ্ট্ৰীয় তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত বিভিন্ন সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে।

এতিয়ালৈকে ছবিখন প্ৰদৰ্শিত হৈছে বাৰ্লিন, টৰণ্ট আদি দেশ-বিদেশৰ ৪০খন চলচ্চিত্ৰ মহোৎসৱত। যোৱা আগষ্টত ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্ন’ত ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিছিল।