NORTHEAST NOW (Assamese)
অসম

লিডুত চোৰৰ উপদ্ৰৱ; লুটি নিলে নগদ ধনসহ মূল্যৱান সামগ্ৰী

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ September 23, 2019 10:07 am

চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ সাধাৰণ ৰাইজৰ। অঞ্চলটোত যোৱা কিছুদিনৰ পৰা প্ৰায় দৈনিক ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত হ’বলৈ ধৰিছে।

কালি অৰ্থাৎ দেওবাৰৰ নিশা লিডুত পুনৰ আন এক চুৰিকাণ্ড সংঘটিত হয়। লিডু চিগনেল বস্তিৰ নিবাসী তপন চৌধুৰী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।

প্ৰাপ্ত তথ্য মতে নিশা চোৰৰ এটি দলে পিছফালৰ পৰা লোকজনৰ বাসগৃহত প্ৰৱেশ কৰি ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে নগদ ৪০ হাজাৰ টকা লৈ উধাও হয়।

পৰিয়ালৰ লোকে জনোৱা মতে সেই সময়ত ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই উক্ত চুৰিকাণ্ড সংঘটিত কৰে। সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে।