NORTHEAST NOW (Assamese)

এন আৰ চি কেন্দ্ৰৰ পৰা তথ্য পৰ্য্যবেক্ষণৰ বাবে ব্যৱহৃত লেপটপ চুৰিক লৈ নগাঁৱত চাঞ্চল্য

June 12, 2019 2:40 pm · ভার্গব হাজৰিকা

সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতিকৰণৰ অন্তিম পৰ্য্যায়ৰ কাম চলি থকাৰ সময়তে নগাঁও চামগুৰিৰ বাজিয়াগাঁও স্থিত এন আৰ চি কেন্দ্ৰত মঙ্গলবাৰে নিশাৰ ভাগত সংঘটিত এক চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

নিশা পৰ্য্যন্ত এন আৰ চি উন্নতিকৰণৰ কামত ব্যস্ত থকা কৰ্মচাৰীৰ মুখৰ আগৰ পৰায়ে আন্ধাৰৰ সুযোগ লৈ এগৰাকী চোৰে তথ্য পৰ্য্যবেক্ষণৰ বাবে ব্যৱহৃত লেপটপ লৈ উধাও হয়।

অৱশ্যে এন আৰ চিৰ কামত নিয়োজিত কৰণ কুমাৰ বৰাই ততাতৈয়াকৈ চামগুৰি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৪০/১৯ নম্বৰৰ এটা গোচৰ ৰুজু লগে-লগে অনুসন্ধান আৰম্ভ কৰি চামগুৰিৰ মোৱামাৰিত প্ৰায় ৬ ঘণ্টাৰ পিছত এটা পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত চুৰি হোৱা লেপটপটো উদ্ধাৰ কৰে।

স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে এখন নম্বৰ প্লেটহীন বাইকেৰে চামগুৰিৰ বৰমাৰ দিশৰ পৰা মোৱামাৰি অভিমুখে আহি থকা দুজন অচিনাকি যুৱকে লেপটপটো ৰাস্তাৰ দাঁতিত দলিয়াই থৈ যায়।

আনহাতে লেপটপটোৰ পৰা এন আৰ চি সংক্ৰান্তীয় কোনো ধৰণৰ যাৱতীয় তথ্য-পাতি চোৰৰ দলটোৱে হস্তগত বা বিশৃংখল কৰা নাই বুলি এজাহাৰকাৰি কৰ্মচাৰী জনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ইপিনে চামগুৰি আৰক্ষীয়ে সম্প্ৰতি চুৰিকাণ্ড সংঘটিত কৰা দুৰ্বৃত্তৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ  দিয়ে।

Related News