NORTHEAST NOW (Assamese)
অসম

আদালতৰ অনুমতি লৈ মাণিকপুৰত জ্বলাই দিয়া হ’ল ৬৮৬৪ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও June 4, 2022 7:11 am

বিগত বৰ্ষৰ ৪ জুনত বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত মাণিকপুৰ আৰক্ষী থানাৰ অধীনত উপ-পৰিদৰ্শক নৱজ্যোতি ৰয়ৰ নেতৃত্বত চলোৱা অভিযানত অবৈধভাৱে সৰবৰাহ কৰা জব্দকৃত ২৫ লক্ষাধিক টকা মূল্যৰ ৬৮৬৪ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী জ্বলাই দিয়া হয়৷

এই উদ্দেশ্যে জিলা উপায়ুক্তই গঠন কৰি দিয়া কমিটীৰ বিষয়াসকলৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ উপস্থিতিত চুপাৰীখিনি মাণিকপুৰ থানা চৌহদত জ্বলাই দিয়া হয়। উল্লেখ্য যে ইতিপূৰ্বে আৰক্ষীয়ে জব্দ কৰা অবৈধ বাৰ্মিজ চুপাৰীখিনিৰ গুণাগুণ সন্দৰ্ভত বঙাইগাঁৱৰ খাদ্য সুৰক্ষা বিষয়া, গুৱাহাটীস্থিত ফৰেন্সিক চায়েন্স লেবৰেটৰী ,উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ সঞ্চালক আৰু কেৰালাস্থিত চেন্ট্ৰেল প্লেন্টেশ্যন ৰিচাৰ্চ ইনষ্টিটিউট আদি মহলৰ পৰা মতামত লোৱা হয় আৰু বাৰ্মিজ চুপাৰীখিনি খোৱাৰ অনুপযোগী বুলি জনাৰ পিছত মাণিকপুৰ থানাই এই বৃহৎ পৰিমাণৰ চুপাৰিখিনি সন্দৰ্ভত বঙাইগাঁও জিলা সত্ৰ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

এই সকলোখিনি তথ্যৰ ভিত্তিত বাৰ্মিজ চুপাৰীখিনি খোৱাৰ অনুপযোগী বুলি নিশ্চিত হোৱাৰ পিছত বঙাইগাঁৱৰ মহামান্য অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে যোৱা ৩১মে’ত ৰায় প্ৰদান কৰে যে বাৰ্মিজ চুপাৰিখিনি এখন কমিটী বনাই সেই কমিটীৰ সদস্যসকলৰ উপস্থিতিত নষ্ট কৰিব লাগে।সেই নিৰ্দেশনামৰ্মে বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে সংশ্লিষ্ট মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অধ্যক্ষা , মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সদস্য সচিব আৰু বঙাইগাঁৱৰ খাদ্য,অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীক্ষক, কোষাগাৰ বিষয়া, জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া আৰু বঙাইগাঁৱত থকা প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগৰ আঞ্চলিক কাৰ্যবাহী অভিযন্তাক সদস্য হিচাপে বাচনি কৰি এখন কমিটী গঠন কৰি বাৰ্মিজ চুপাৰীখিনি নষ্ট কৰাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷

সেই মৰ্মে শুকুৰবাৰে পুৱা ৯ বজাত উক্ত কমিটীখনৰ বিষয়াসকলৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ উপস্থিতিত চুপাৰীখিনি মাণিকপুৰ থানা চৌহদত জ্বলাই দিয়া হয়। চুপাৰীখিনি জ্বলোৱাৰ সময়ত দুজন স্থানীয় লোকো উপস্থিত থাকে ৷